মুখ্যপৃষ্ঠা »খবৰ »দেশ »Himachal Pradesh Election Results 2022 : কোনে দখল কৰিব হিমাচল প্ৰদেশৰ মচনদ? আৰম্ভ হৈছে ভোটগণনা

Himachal Pradesh Election Results 2022 : কোনে দখল কৰিব হিমাচল প্ৰদেশৰ মচনদ? আৰম্ভ হৈছে ভোটগণনা

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা জয়ৰাম ঠাকুৰে দাবী কৰিছে, হিমাচল প্ৰদেশত অনায়াসে বিজয়ী হ’ব বিজেপি।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা জয়ৰাম ঠাকুৰে দাবী কৰিছে, হিমাচল প্ৰদেশত অনায়াসে বিজয়ী হ’ব বিজেপি।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা জয়ৰাম ঠাকুৰে দাবী কৰিছে, হিমাচল প্ৰদেশত অনায়াসে বিজয়ী হ’ব বিজেপি।

  • Share this:
গুজৰাটৰ লগতে আজি হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফলো ঘোষণা হ’ব। ইতিমধ্যে আৰম্ভ হৈছে ভোটগণনা। ৬৮খন আসনৰ বাবে ৫৯ স্থানত ৬৮টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। হিমাচল প্ৰদেশ বৰ্তমান বিজেপিৰ শাসনত আছে। কাৰ পক্ষত ৰায় দিছে পাহাৰীয়া ৰাজ্যখনৰ ভোটাৰসকলে? অৱশ্যে তাৰ কিছু আভাস পোৱা গৈছে বিভিন্ন সমীক্ষাত।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা জয়ৰাম ঠাকুৰে দাবী কৰিছে, হিমাচল প্ৰদেশত অনায়াসে বিজয়ী হ’ব বিজেপি। সেয়া নহ’লে তিনিটা নিৰ্বাচনৰ ভিতৰত দুটাত পৰাজয়ে যে বিৰোধীক প্ৰশ্ন তোলাৰ সুযোগ দিব সেয়া ভালদৰেই বুজিব পাৰিছে বিজেপিয়ে।

এগজিট প’ল মতে, হিমাচল প্ৰদেশত ত্ৰিশংকু অৱস্থাৰ ইংগিত দিছে নিউজ এক্স আৰু পি মাৰ্কৰ সমীক্ষাত। নিউজ এক্সৰ সমীক্ষাৰ ৰিপ’ৰ্ট অনুসৰি, হিমাচলত বিজদেপিয়ে পাব ৩২ৰ পৰা ৪০খন আসন। ২৭ৰ পৰা ৩৪খন আসন পাব পাৰে কংগ্ৰেছ। আনহাতে, পি মাৰ্কে কৈছে বিজেপিৰ হাতলৈ আহিব ৩৪ৰ পৰা ৩৯খন আসন। কংগ্ৰেছৰ আসন থাকিব ২৭ৰ পৰা ৩৩ৰ ভিতৰত। কিন্তু ইয়াৰ মাজতে বহুতেই ধাৰণা কৰিছে হিমাচল প্ৰদেশত ক্ষমতা ধৰি ৰাখিবলৈ সক্ষম হ’ব বিজেপিয়ে।

আনহাতে, এই সমস্ত এগজিট প’লৰ ৰিপ’ৰ্টৰ সম্পূৰ্ণ বিপৰীতে গৈ হিমাচলত কংগ্ৰেছকে ফ্ৰণ্ট ফুটত ৰাখিছে ইণ্ডিয়া টুডে–মাই এক্সিছৰ সমীক্ষাই। এই ৰিপ’ৰ্ট অনুসৰি, ৪৪ শতাংশ ভোট শ্বেয়াৰ পাব কংগ্ৰেছে।

শেহতীয়া বাতৰি