শুকুৰবাৰে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে কংগ্ৰেছ চৰকাৰৰ প্ৰথমখন বাজেট দাখিল কৰি সুৰাৰ ওপৰত 'গো শুল্ক' (Cow Cess) আৰোপ কৰে আৰু কল্যাণমূলক ব্যৱস্থাৰ বাবে শিৰোনাম দখল কৰে।
হিমাচল প্ৰদেশৰ বিধানসভাত ২০২৩- ২৪ বৰ্ষৰ ৫৩,৪১৩ কোটি টকাৰ বাজেট দাখিল কৰি সুখুৱে গীতাৰ এটা শ্লোকেৰে আৰম্ভ কৰা ১৩৫ মিনিটৰ ভাষণত সুৰাৰ প্ৰতিটো বটলৰ বাবদ ১০ টকাৰ 'গো শুল্ক' ঘোষণা কৰে, যিয়ে বছৰি ১০০ কোটি টকাৰ অতিৰিক্ত ৰাজহ সংযোজন কৰিব। মুখ্যমন্ত্ৰীয়ে পেঞ্চন পৰিকল্পনাও ৰূপায়ণ কৰে, যাৰ অধীনত, ৰাজ্যৰ মহিলাসকলে প্ৰতিমাহে ১৫০০ টকা লাভ কৰিব, যাৰ বাবে বছৰি ৪১৬ কোটি টকা খৰচ হ’ব।
বাজেটৰ আন আন উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছিল ২০২৬ চনৰ ভিতৰত হিমাচলক সেউজ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বৃহত্তৰ অভিযানৰ অংশ হিচাপে বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধি কৰিব।
"হিমাচল প্ৰদেশৰ চিলিং অন লেণ্ড হোল্ডিং এক্ট, ১৯৭২", সংশোধন কৰি কন্যাক সুকীয়া ইউনিট হিচাপে গণ্য কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী সুখুৱে ঘোষণা কৰে।
Published by: Subham Goswami
FIRST PUBLISHED : March 19, 2023, 23:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।