হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ বৃহৎ জয়ৰ দিশে আগবাঢ়িছে। বৰ্তমানৰ ফলাফল অনুসৰি কংগ্ৰেছে মেজিক নাম্বাৰ পাৰ কৰিছে। হিমাচলত কংগ্ৰেছে ৪০খনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ২৫খন আসনত আগুৱাই আছে। যদি এই অগ্ৰগতিয়ে ফলাফললৈ পৰিণয় হয় তেন্তে হিমাচলত প্ৰতি ৫ বছৰত চৰকাৰ সলনি হোৱাৰ পৰম্পৰা অটুট থাকিব আৰু কংগ্ৰেছে সহজতে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব।
সূত্ৰ অনুসৰি, কংগ্ৰেছে হিমাচলত বিজয় সাব্যস্ত কৰা সকলো বিধায়কক চণ্ডীগড়লৈ মাতিব। সূত্ৰৰ মতে, হিমাচল প্ৰদেশত জয়ী হোৱাৰ প্ৰমাণপত্ৰ পোৱাৰ পিছতে কংগ্ৰেছৰ সকলো বিধায়ক চণ্ডীগড়ত উপস্থিত হ’ব আৰু তাৰ পৰা আন ৰাজ্যলৈ লৈ যোৱা হ’ব। কোৱা হৈছে যে হিমাচলত জয়ী হোৱা কংগ্ৰেছ প্ৰাৰ্থীসকলৰ কমাণ্ড চম্ভালিব ভূপেন্দ্ৰ সিং হুডা, ভূপেশ বাঘেল আৰু ৰাজীৱ শুক্লাই। ভূপেন্দ্ৰ হুদা এতিয়া চণ্ডীগড়ত আছে, আনহাতে ভূপেশ বাঘেল আৰু শুক্লা শীঘ্ৰে উপস্থিত হ’ব।
কংগ্ৰেছ সূত্ৰই জনাইছে যে আমি ফাইনেল ফলাফলৰ অপেক্ষা কৰিছো। প্ৰথম অগ্ৰাধিকাৰ নিজৰ বিধায়কসকলক সুৰক্ষিত কৰি ৰখা। মুখ্যমন্ত্ৰী পদৰ বাবে কেইবাজনো দাবীদাৰ আছে, এতিয়া সিদ্ধান্ত হোৱা নাই। প্ৰতিভা সিং, ৰাজ্যিক সভাপতি হোৱা বাবে আৰু বীৰভদ্ৰ সিঙৰ পত্নী হোৱা বাবে স্বাভাৱিকতে মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ। আমাৰ হাতত আৰু কেইবাখনো মুখ আছে মুখ্যমন্ত্ৰী পদৰ বাবে, কিন্তু সিদ্ধান্ত চূড়ান্ত ফলাফল চাই ৰাজীৱ শুক্লা, ভূপেশ বাঘেল আৰু ভূপেন্দ্ৰ হুডাৰ দ্বাৰা বিধায়কৰ ৰায় লৈ গ্ৰহণ কৰা হ’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|