আজি হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ দিন। ইতিমধ্যে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। ৬৮খন আসনবিশিষ্ট হিমাচল প্ৰদেশ বিধানসভাৰ এইবাৰৰ নিৰ্বাচনত মুঠ ৪১২ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। এই নিৰ্বাচনৰ ফলাফল আগন্তুক ৮ ডিচেম্বৰত ঘোষণা কৰা হ’ব। উল্লেখ্য যে,পাহাৰীয়া ৰাজ্যখনত ৫৫ লাখতকৈ অধিক ভোটাৰ আছে যিয়ে এই ৬৮ টা সমষ্টিৰ ক্ষেত্ৰত ৪১২জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব। নিৰ্বাচনী যুজঁত মুখ্য চেহেৰাসমূহৰ ৰূপত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰৰ পুত্ৰ বিক্ৰমাদিত্য সিং আৰু প্ৰাক্তন বিজেপি অধ্যক্ষ সতপাল সিং সত্তী আছে। নিৰ্বাচনত মুখ্য প্ৰতিদ্বন্দিতা বিজেপি, কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজত থাকিব।
তাছিগাংগৰ সৰ্বোচ্চ উচ্চতাত ভোটকেন্দ্ৰ-নিৰ্বাচন আয়োগে ৰাজ্যখনৰ লাহৌল স্পিতি জিলাৰ স্পিতি অঞ্চলৰ কাজাৰ তাছিগাংগত সৰ্বোচ্চ উচ্চতাত ভোটকেন্দ্ৰ স্থাপন কৰিছে। ভোটকেন্দ্ৰটো ১৫,২৫৬ ফুট উচ্চতাত আছে আৰু ইয়াত ৫২ জন ভোটাৰ আছে।
নিৰ্বাচনৰ বাবে মুঠ ৭,৮৮৪ কেন্দ্ৰ বনোৱা হৈছে–নিৰ্বাচন আয়োগে শনিবাৰে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটদানৰ বাবে দূৰৱৰ্তী অঞ্চলৰ তিনিটা পৰিপূৰক ভোটকেন্দ্ৰকে ধৰি মুঠ ৭,৮৮৪ ভোটদান কেন্দ্ৰৰ স্থাপন কৰিছে। মুঠ ৭,৮৮৪ টা ভোটকেন্দ্ৰ স্থাপন কৰিছে। ইয়াৰ ভিতৰত ৭৮৯টা সংবেদনশীল আৰু ৩৯৭ টা অতি-সংবেদনশীল ভোটকেন্দ্ৰ আছে।
ভোটদানৰ বাবে ৩০,০০০ সুৰক্ষা কৰ্মী–হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ সময়ত ভোটদাতাক সুৰক্ষা প্ৰদান কৰিবলৈ ত্ৰিশ হাজাৰ সুৰক্ষাকৰ্মী নিয়োজিত কৰা হৈছে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|