ভাৰতীয় খেলুৱৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি থাকিলে হিমাৰ প্ৰদৰ্শন উন্নত নহয়!

অলিম্পিকত পদক জয়ৰ বাবে হিমায়ে এতিয়াৰ পৰা বিশ্বৰ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত ভাগ ল’ব লাগিব, যাতে নিজৰ প্ৰদৰ্শন অধিক সংশোধন ঘটাব পাৰে!

News18-Assam
Updated:August 8, 2019, 3:12 PM IST
ভাৰতীয় খেলুৱৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি থাকিলে হিমাৰ প্ৰদৰ্শন উন্নত নহয়!
Source-Google
News18-Assam
Updated: August 8, 2019, 3:12 PM IST
কিদৰে ধিং এক্সপ্ৰেছ খ্যাত হিমাই নিজৰ প্ৰদৰ্শন অধিক উন্নত কৰিব পাৰিব? এই বিষয়ে হিমা দাসক টিপছ দিছে দেশৰ কিংবদন্তি স্পীণ্টাৰ পি টি উষাই। লক্ষ্ণৌত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি দেশৰ কিংবদন্তী স্পীণ্টাৰগৰাকীয়ে হিমাক অলিম্পিকত উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ বাবে বৃহৎ পৰ্যায়ৰ চেম্পিয়নশ্বিপত ভাগ ল’বলৈ আহ্বান জনায়, যাতে হিমাই দৌৰৰ সময়ত আৰু অধিক উন্নত কৰিব পাৰে।



পি টি উষাই হিমাক উদ্দেশ্যি কয় যে, আগন্তুক টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ হ’লে হিমাই এতিয়াৰ পৰা বিশ্বৰ আগশাৰীৰ প্ৰতিযোগিতাত ভাগ ল’ব লাগিব। লগতে ভাৰতৰ কিংবদন্তি স্পীণ্টাৰগৰাকীয়ে কয় যে হিমাই বৰ্তমানলৈ যি সমূহ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক জয় কৰিছে,সেই টুৰ্ণামেণ্ট সমূহ তুলনামুলক ভাবে বিশ্ব চেম্পিয়নশ্বিপৰ ৰেংকিং পদ্ধতিৰ তলৰ খাপৰ। আৰু এনে বোৰ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি ভাৰতীয় খেলুৱৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি থাকিলে হিমাৰ প্ৰদৰ্শনত উন্নত নহয় বুলিও মন্তব্য কৰে পি টি উষাই !



 

পি টি উষাই উল্লেখ কৰে যে হিমাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটসকলৰ বিৰুদ্ধে বিদেশৰ মাটিত অনুষ্ঠিত আগশাৰীৰ চেম্পিয়নশ্বিপত ভাগ ল’লে হে নিজৰ প্ৰদৰ্শনৰ উন্নতি ঘটাব পাৰিব আৰু অলিম্পিকত পদক জয় কৰাৰ যথেষ্ট সম্ভাৱনা থাকিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে!
আৰু চাওক পৰৱৰ্তী বাতৰি