• Home
  • »
  • News
  • »
  • nation
  • »
  • Udupi Hijab: ''মই যুৱতীসকলৰ বাবে দুখ অনুভৱ কৰোঁ, তেওঁলোক নিৰ্দোষ, কিন্তু পাশাখেলৰ গুটি বনোৱা হৈছে।'' -হিজাব বিতৰ্কক লৈ কেৰালাৰ ৰাজ্যপাল

Udupi Hijab: ''মই যুৱতীসকলৰ বাবে দুখ অনুভৱ কৰোঁ, তেওঁলোক নিৰ্দোষ, কিন্তু পাশাখেলৰ গুটি বনোৱা হৈছে।'' -হিজাব বিতৰ্কক লৈ কেৰালাৰ ৰাজ্যপাল

 তেওঁৰ মতে ইছলামৰ নবীৰ সময়ত মহিলাসকলে হিজাব পৰিধান কৰা নাছিল।

তেওঁৰ মতে ইছলামৰ নবীৰ সময়ত মহিলাসকলে হিজাব পৰিধান কৰা নাছিল।

তেওঁৰ মতে ইছলামৰ নবীৰ সময়ত মহিলাসকলে হিজাব পৰিধান কৰা নাছিল।

  • Share this:
হিজাবক লৈ চলি থকা এটা গোচৰ সন্দৰ্ভত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়দানত উল্লেখ কৰা হৈছিল যে ইছলাম ধৰ্মত হিজাব পিন্ধাটো বাধ্যতামূলক নহয়। এই ৰায়দানৰ পিছত এতিয়া বিষয়টো উচ্চতম ন্যায়ালয়ৰ ওচৰত উত্থাপন কৰাৰ পোষকতা কৰা হৈছে। কৰ্ণাটকত হিজাবক লৈ চলি থকা বিতৰ্কৰ মাজতে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে (Arif Mohammad Khan)সংবাদ সংস্থা ফাৰ্ষ্টপোষ্টত দিয়া এটা সাক্ষাৎকাৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হয়।

দীৰ্ঘদিন ধৰি ধৰ্মীয় মৌলবাদৰ বিৰুদ্ধে যুঁজি অহা ৰাজ্যপাল খানে উদুপি হিজাব (Udupi hijab) বিতৰ্কক ষড়যন্ত্ৰ বুলি অভিহিত কৰে। তেওঁ কয়- ''হিজাব বিতৰ্ক প্ৰকৃততে এটা ষড়যন্ত্ৰ। মই এই যুৱতীসকলৰ বাবে দুখ অনুভৱ কৰোঁ, তেওঁলোক নিৰ্দোষ আৰু মোদী চৰকাৰক লক্ষ্য কৰি লোৱা ডাঙৰ, ভয়ানক খেলৰ বাবে তেওঁলোকক পাশাখেলৰ গুটি বনোৱা হৈছে।''

খানে লগতে সাক্ষাৎকাৰটোত উল্লেখ কৰে যে পৰম্পৰাগতভাৱেও হিজাব ইছলামৰ এক অবিচ্ছেদ্য অংগ নহয়। তেওঁৰ মতে ইছলামৰ নবীৰ সময়ত মহিলাসকলে হিজাব পৰিধান কৰা নাছিল। তেওঁৰ মতে, কোৰাণে স্পষ্টভাৱে ইছলামৰ পাঁচটা স্তম্ভ নিৰ্ধাৰণ কৰিছে, গতিকে পাঁচটা স্তম্ভ থকাৰ পিছত ষষ্ঠটো কিয় যোগ কৰিব লাগে? খানে উল্লেখ কৰে যে কোৰাণত 'হিজাব' শব্দটো মাত্ৰ সাতবাৰ ব্যৱহাৰ কৰা হৈছে। তেওঁ কয় পয়গম্বৰৰ (Prophet) পত্নীৰ ভতিজীৰ দৰে ওচৰৰ কোনোবাই হিজাব পিন্ধিবলৈ অস্বীকাৰ কৰিছিল।

উল্লেখ্য, আজি উচ্চ ন্যায়ালয়ে হিজাবক লৈ দিয়া ৰায়দানৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তাৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছিল। বেংগালুৰুতো জাৰি কৰা হৈছিল ১৪৪ ধাৰা। লগতে কৰ্ণাটক হাইক’ৰ্টৰ মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্থীৰ আৱাসৰ বাহিৰতো কটকটীয়া কৰা হৈছিল নিৰাপত্তা ব্যৱস্থা।
Published by:Gautam Barman
First published: