Hijab Ban Row: হিজাব বিতৰ্কত কৰ্ণাটক উচ্চ ন্যায়ালয়ত পৰৱৰ্তি শুনানিৰ বাবে ছিংগল বেঞ্চে গোচৰটো বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে।
Hijab Ban Row: হিজাব বিতৰ্কত কৰ্ণাটক উচ্চ ন্যায়ালয়ত পৰৱৰ্তি শুনানিৰ বাবে ছিংগল বেঞ্চে গোচৰটো বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে।
হিজাব বিতৰ্ক (Hijab Row)ত আজি শুনানি হয় কৰ্ণাটক উচ্চ ন্যায়ালয় (Karnataka High Court)ত। পৰৱৰ্তি শুনানি গ্ৰহণৰ বাবে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ছিংগল বেঞ্চে আজি গোচৰটো বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে।
ইপিনে পৰিস্থিতিলৈ লক্ষ্য ৰাখি সমগ্ৰ বেংগালুৰু (Bengaluru)ত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে। এতিয়া কোনো বিদ্যালয়, মহাবিদ্যালয় বা যি কোনো শিক্ষানুষ্ঠানৰ ২০০ মিটাৰৰ এলেকাত কোনো লোকে কোনোধৰণৰ সমদল-প্ৰতিবাদ কৰিব নোৱাৰিব। এসপ্তাহৰ বাবে বেংগালুৰু চহৰত এই নিষেধাজ্ঞা বাহাল থাকিব।
আনহাতে কৰ্ণাটকৰ শিক্ষা মন্ত্ৰী বি চি নাগেশে কয় যে এই বিবাদৰ আঁৰত কেম্পাছ ফ্ৰণ্ট অৱ ইণ্ডিয়া (CFI)ৰ ভূমিকাক লৈ তদন্ত কৰি থকা হৈছে। CFI হৈছে ইছলামিক কট্টৰপন্থী সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ PFIৰ ছাত্ৰ সংগঠন।
এই বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া হোৱাৰ সম্ভৱনা আছে। আজি আদালতত আবেদনকাৰীৰ হৈ অধিবক্তাই হিজাব পিন্ধাক লৈ ৰাজ্য চৰাকৰে কোনো নিৰ্দেশনা দিবা নোৱাৰে যুক্তি আগবঢ়ায়, কাৰণ স্ব-ধৰ্ম পালন এক সাংবিধানিক মৌলিক অধিকাৰ। ইয়াৰ মাজতে আবেদনকাৰী ছাত্ৰীসকলক পৰীক্ষাত বহাৰ অনুমতি দিবলৈও ন্যায়ালয়ক অনুৰোধ জনায় অধিবক্তাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|