প্ৰকৃতিৰ ৰোষত কেৰালা! মূষলধাৰ বৰষুণৰ পিছত ৰেড এলাৰ্ট জাৰি, কোচী বিমানবন্দৰত সোমাল পানী

কোচীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানৰ চলাচল দেওবাৰে দুপৰীয়া ৩ বজালৈ বাতিল কৰা হৈছে।

News18-Assam
Updated:August 9, 2019, 11:07 AM IST
প্ৰকৃতিৰ ৰোষত কেৰালা! মূষলধাৰ বৰষুণৰ পিছত ৰেড এলাৰ্ট জাৰি, কোচী বিমানবন্দৰত সোমাল পানী
কোচীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানৰ চলাচল দেওবাৰে দুপৰীয়া ৩ বজালৈ বাতিল কৰা হৈছে।
News18-Assam
Updated: August 9, 2019, 11:07 AM IST
কৰ্ণাটকৰ পিছত এতিয়া কেৰালাত মূষলধাৰ বৰষুণে ব্যাহত কৰি তুলিছে জনজীৱন। মূষলধাৰ বৰষুণৰ বাবে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ চাৰিখন জিলাত জাৰি কৰিছে ৰেড এলাৰ্ট। বতৰ বিজ্ঞান বিভাগৰ মতে, মূষলধাৰ বৰষুণৰ লগতে এই জিলাকেইখনত বলিব প্ৰচণ্ড বতাহ। ইদুক্কী, মুলপুৰম, কোঝিকোড আৰু ৱাইনাডত ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। কেৰালাৰ অধিকসংখ্যক নদী আৰু বান্ধত বৃদ্ধি পাইছে জলস্তৰ।

কোচীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানৰ চলাচল দেওবাৰে দুপৰীয়া ৩ বজালৈ বাতিল কৰা হৈছে। বানে বুৰাইছে বিমানবন্দৰৰ পাৰ্কিং। নেৰানেপেৰা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি ২২,১৬৫ জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে KDSMAৰ দলে। ৰাজ্যখনত মুঠ ৩১৫টা শিবিৰত বানাক্ৰান্ত লোকসকলক আশ্ৰয় দিয়া হৈছে। বন্ধ ঘোষণা কৰা হৈছে সকলো বিদ্যালয়। বানৰ কবলত পৰি ৱাইনাড জিলাত দুজন লোকৰ মৃত্যুৰ খবৰ আহিছে। কেৰালাত কবিনী বান্ধৰ জলস্তৰ ৪৬,৯৯৯ কিউছেক বৃদ্ধি পাইছে। খবৰ অনুসৰি, কবিনী বান্ধৰ পৰা এৰি দিয়া হৈছে ৪০ হাজাৰ কেউছেক পানী।
আৰু চাওক পৰৱৰ্তী বাতৰি