কেৰালাত বানৰ বিভীষিকা, এইপৰ্যন্ত ৪২জন লোকৰ মৃত্যু, কৰ্ণাটক–মহাৰাষ্ট্ৰতো বানৰ সংহাৰ

মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণ অব্যাহত আছে। বিভিন্ন স্থানত বিপদসীমাৰ ওপৰেৰে বৈছে নৈসমূহৰ পানী।

News18-Assam
Updated:August 9, 2019, 2:20 PM IST
কেৰালাত বানৰ বিভীষিকা, এইপৰ্যন্ত ৪২জন লোকৰ মৃত্যু, কৰ্ণাটক–মহাৰাষ্ট্ৰতো বানৰ সংহাৰ
মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণ অব্যাহত আছে। বিভিন্ন স্থানত বিপদসীমাৰ ওপৰেৰে বৈছে নৈসমূহৰ পানী।
News18-Assam
Updated: August 9, 2019, 2:20 PM IST
কৰ্ণাটকৰ পিছত এতিয়া কেৰালাত মূষলধাৰ বৰষুণে ব্যাহত কৰি তুলিছে জনজীৱন। মূষলধাৰ বৰষুণৰ বাবে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ চাৰিখন জিলাত জাৰি কৰিছে ৰেড এলাৰ্ট। বতৰ বিজ্ঞান বিভাগৰ মতে, মূষলধাৰ বৰষুণৰ লগতে এই জিলাকেইখনত বলিব প্ৰচণ্ড বতাহ। মূষলধাৰ বৰষুণ আৰু বানৰ ফলত এতিয়ালৈকে ৪২জন লোকৰ মৃত্যু হৈছে। নেৰানেপেৰা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী পিনৰাই বিজয়নে অনুষ্ঠিত কৰে এক জৰুৰী বৈঠকৰ। বৈঠকত মূষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা জটিল বান পৰিস্থিতিক লৈ আলোচনা কৰা হয়।


ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ইদুক্কী, মুলপুৰম, কোঝিকোড আৰ ৱাইনাডত ৰেড এলাৰ্ট জাৰি কৰিছে। কেৰালাত অধিকসংখ্যক নদী আৰু বান্ধত বৃদ্ধি পাইছে জলস্তৰ।

কোচীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানৰ চলাচল দেওবাৰে দুপৰীয়া ৩ বজালৈ বাতিল কৰা হৈছে। বানে বুৰাইছে বিমানবন্দৰৰ পাৰ্কিং। নেৰানেপেৰা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি ২২,১৬৫ জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে KDSMAৰ দলে। ৰাজ্যখনত মুঠ ৩১৫টা শিবিৰত বানাক্ৰান্ত লোকসকলক আশ্ৰয় দিয়া হৈছে। বন্ধ ঘোষণা কৰা হৈছে সকলো বিদ্যালয়।



মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণ অব্যাহত আছে। বিভিন্ন স্থানত বিপদসীমাৰ ওপৰেৰে বৈছে নৈসমূহৰ পানী। বানত আবদ্ধ হৈ পৰিছে সহস্ৰাধিক লোক। NDRF বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
আৰু চাওক পৰৱৰ্তী বাতৰি