প্ৰতিবছৰৰ দৰে চলিত বছৰতো ডিচেম্বৰ মাহত ছিকিমত ভিৰ কৰিছে পৰ্যটকে। কিন্তু শুকুৰবাৰৰ পৰা ছিকিমত আৰম্ভ হৈছে ভয়াৱহ তুষাৰপাত। ফলত ৰাজ্যখনৰ টুৰিষ্ট ডেষ্টিনেশ্যন সমূহত আবদ্ধ হৈ পৰিছে দেশৰ বিভিন্ন প্ৰান্তৰ হেজাৰৰো অধিক পৰ্যটক। আৰু এই খবৰ সৰ্বত্ৰ বিয়পি পৰাৰ পিছতে শনিবাৰৰ পৰা ভাৰতীয় সেনা বাহিনীয়ে তুষাৰপাতত আবদ্ধ পৰ্যটকসকলক উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰে।
শনিবাৰে নিশালৈ চলা উদ্ধাৰ অভিযানত সেনাবাহিনীয়ে ১০২৭ জন টুৰিষ্টক উদ্ধাৰ কৰে। পিছত উক্ত লোক সকলক সেনা চাউনীত খোৱা আৰু প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰে সেনা বাহিনীয়ে। পিছত দেওবাৰে ১২০ খন গাড়ীৰে পৰ্যটকসকলক উভতি যোৱাৰো ব্যৱস্থা কৰি দিয়ে সেনা বাহিনীৰ লোকসকলে।
উল্লেখযোগ্য যে, শনিবাৰে ছিকিমৰ চীন সীমান্তৰ নাথুলা পাছ অঞ্চলত প্ৰচণ্ড তুষাৰপাতত আবদ্ধ হৈ পৰিছিল পৰ্যটকৰ গাড়ীসমূহ। পিছত সেনাবাহিনীয়ে কেইবাখনো এক্সক্লেভেটৰ আৰু বিভিন্ন যন্ত্ৰপাতিৰ সহায়ত উক্ত অঞ্চলৰ পথৰ ওপৰত থকা বৰফ অঁতৰাই দিয়ে। পিছত দিনৰ পোহৰ হোৱাৰ লগে লগে পৰ্যটকসকলৰ গাড়ীৰে গেংকট অভিমুখে লৈ যোৱা হয়।
ইপিনে প্ৰশাসনিক সূত্ৰৰ পৰা পোৱা তথ্য মতে, অহা কেইবাদিনো এনে পৰিবেশ অব্যাহত থাকিব পাৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|