• Home
  • »
  • News
  • »
  • nation
  • »
  • Heavy Security in Mumbai: হাইভল্টেজ পলিটিকেল ড্ৰামাৰ বাবে হাই লেভেল ছিকিউৰিটী, সস্তম মুম্বাই আৰক্ষী

Heavy Security in Mumbai: হাইভল্টেজ পলিটিকেল ড্ৰামাৰ বাবে হাই লেভেল ছিকিউৰিটী, সস্তম মুম্বাই আৰক্ষী

Heavy Security in Mumbai: মহাৰাষ্ট্ৰ বিধানসভা চৌহদৰ লগতে সমীপৱৰ্তী এলেকাসমূহত বৃহস্পতিবাৰে মোতায়েন কৰা হৈছে প্ৰায় ৭ হাজাৰ নিৰাপত্তাৰক্ষী।

Heavy Security in Mumbai: মহাৰাষ্ট্ৰ বিধানসভা চৌহদৰ লগতে সমীপৱৰ্তী এলেকাসমূহত বৃহস্পতিবাৰে মোতায়েন কৰা হৈছে প্ৰায় ৭ হাজাৰ নিৰাপত্তাৰক্ষী।

Heavy Security in Mumbai: মহাৰাষ্ট্ৰ বিধানসভা চৌহদৰ লগতে সমীপৱৰ্তী এলেকাসমূহত বৃহস্পতিবাৰে মোতায়েন কৰা হৈছে প্ৰায় ৭ হাজাৰ নিৰাপত্তাৰক্ষী।

  • Share this:
বৃহস্পতিবাৰে মুম্বাইত হ'ব হাইভল্টেজ পলিটিকেল ড্ৰামা। আস্থা ভোটৰ সন্মুখীন হ'ব উদ্ধৱ থাকৰে চৰকাৰ। আস্থা ভোটৰ লগতে বিসম্বাদী শিৱ সেনা গোটৰ সম্ভাব্য মুম্বাই গমনক লৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে বাণিজ্য নগৰীত। পৰিস্থিতি যি কোনো মুহূৰ্ততে বেয়ালৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এনে পৰিস্থিতিত মুম্বাইৰ নিৰাপত্তাক লৈ নিশ্চিদ্ৰ বেহু গঢ়াৰ চেষ্টা কৰিছে মুম্বাই আৰক্ষীয়ে।

মহাৰাষ্ট্ৰ বিধানসভা চৌহদৰ লগতে সমীপৱৰ্তী এলেকাসমূহত বৃহস্পতিবাৰে মোতায়েন কৰা হৈছে প্ৰায় ৭ হাজাৰ নিৰাপত্তাৰক্ষী। DCP বা তাতকৈ ওপৰৰ পৰ্যায়ৰ বিষয়া থাকিব ২০গৰাকী, ACP পৰ্যায়ৰ বিষয়া থাকিব ৪৫ গৰাকী, আৰক্ষী পৰিদৰ্শক (Police Inspectors) পৰ্যায়ৰ বিষয়া থাকিব ২২৫ গৰাকী, API আৰু PSI থাকিব ৭২৫ গৰাকী, আৰক্ষী জোৱান থাকিব ২৫০০, LPC জোৱান থাকিব ১২৫০ জন, SRPFৰ ১০টা কোম্পানী য'ত প্ৰতিটোত ১৩০জনকৈ প্ৰায় ১৩০০ জোৱান থাকিব। ইয়াৰ উপৰি অতিৰিক্ত ৭৫০ জোৱান সস্তম হৈ থাকিব বৃহস্পতিবাৰ দিনটোৰ বাবে। এই তথ্য সদৰী কৰিছে মুম্বাই আৰক্ষীয়ে।



উল্লেখ্য মহাৰাষ্ট্ৰ চৰকাৰক বিপদত পেলাই বিদ্ৰোহ ঘোষণা কৰিছিল শিৱ সেনা দলৰ একাংশ বিধায়কে। মন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত ৩৯জন শিৱ সেনাৰ বিধায়কে বাহৰ পাতি আছিল গুৱাহাটীত। আজি মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগতসিং কোশিয়াৰিয়ে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ জাননী প্ৰেৰণ কৰিছিল।
Published by:Manjumoni Borah
First published: