মায়ানগৰীত নৰক যন্ত্ৰণা! কৃত্ৰিম বানে বুৰালে মায়ানগৰী মুম্বাই, বন্ধ স্কুল–কলেজ

নেৰানেপেৰা বৰষুণৰ ফলত বিপদসীমাৰ ওপৰেৰে বৈছে মিঠি নদীৰ পানী। নৈৰ পাৰৰ অঞ্চলসমূহৰ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে বি এম চিয়ে।

News18-Assam
Updated:September 5, 2019, 9:18 AM IST
মায়ানগৰীত নৰক যন্ত্ৰণা! কৃত্ৰিম বানে বুৰালে মায়ানগৰী মুম্বাই, বন্ধ স্কুল–কলেজ
নেৰানেপেৰা বৰষুণৰ ফলত বিপদসীমাৰ ওপৰেৰে বৈছে মিঠি নদীৰ পানী। নৈৰ পাৰৰ অঞ্চলসমূহৰ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে বি এম চিয়ে।
News18-Assam
Updated: September 5, 2019, 9:18 AM IST
বানত বুৰিছে মায়ানগৰী মুম্বাই। মুম্বাইসহ মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত মূষলধাৰ বৰষুণৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বান। নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন অঞ্চল পানীয়ে বুৰাই পেলাইছে। মুম্বাইৰ ৰাজপথত এবুকু পৰ্যন্ত পানী। বাতিল কৰা হৈছে কেইবাখনো স্থানীয় ৰে’লৰ চলাচল। বৰষুণৰ বাবে এতিয়ালৈ ২০খন বিমান বাতিল কৰা হৈছে।

পৰিস্থিতিলৈ লক্ষ্য ৰাখি মুম্বাই, থানেসহ বিভিন্ন স্থানত বন্ধ ঘোষণা কৰা হৈছে স্কুল–কলেজ। প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰি বতৰ বিজ্ঞান বিভাগে স্থানীয় লোকসকলক বাহিৰলৈ কমকৈ ওলাবলৈ পৰামৰ্শ দিছে। বিভিন্ন স্থানত পানীয়ে ৰে’লপথ বুৰাই পেলোৱাৰ ফলত কেইবাখনো স্থানীয় ৰে’লৰ চলাচল বাতিল কৰা হৈছে।

বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়া অনুসৰি, মুম্বাইত গড়ে ১৫ ছেণ্টিমিটাৰ, থানে আৰু পালঘৰ অঞ্চলত প্ৰায় ১৮ ছেণ্টিমিটাৰ আৰু ১৭ ছেণ্টিমিটাৰ বৰষুণ হৈছে।



নেৰানেপেৰা বৰষুণৰ ফলত বিপদসীমাৰ ওপৰেৰে বৈছে মিঠি নদীৰ পানী। নৈৰ পাৰৰ অঞ্চলসমূহৰ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে বি এম চিয়ে। বতৰ বিজ্ঞান বিভাগে আগন্তুক ২৪ ঘণ্টাত মুম্বাই আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত মূষলধাৰ বৰষুণৰ আগজাননী দিছে। সেয়েহে এই অঞ্চলসমূহত জাৰি কৰা হৈছে ৰেড এলাৰ্ট।



বানত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন। যমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে মুম্বাইৰ বাসিন্দাসকলে। ৰাজ্য চৰকাৰে সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতিৰ ওপৰত নজৰ ৰখাৰ নিৰ্দেশ দিছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি