তামিলনাডুত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ১৫জন লোকৰ মৃত্যু, বন্ধ স্কুল–কলেজ

News18 Assam | News18-Assam
Updated:December 2, 2019, 12:38 PM IST
তামিলনাডুত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ১৫জন লোকৰ মৃত্যু, বন্ধ স্কুল–কলেজ
ৰাজ্যখনত বিগত ২৪ ঘণ্টা ধৰি নেৰানেপেৰা বৰষুণ হৈ আছে। বতৰ বিজ্ঞান বিভাগে আগন্তুক চাৰিদিনলৈ বৰষুণ অব্যাহত থাকিব বুলি জাৰি কৰিছে সতৰ্কবাণী।

ৰাজ্যখনত বিগত ২৪ ঘণ্টা ধৰি নেৰানেপেৰা বৰষুণ হৈ আছে। বতৰ বিজ্ঞান বিভাগে আগন্তুক চাৰিদিনলৈ বৰষুণ অব্যাহত থাকিব বুলি জাৰি কৰিছে সতৰ্কবাণী।

  • Share this:
তামিলনাডুত মূষলধাৰ বৰষুণৰ বাবে এতিয়ালৈকে প্ৰায় ১৫জন লোকৰ মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত আছে দুটি শিশুও। মেট্টুপলায়মত মূষলধাৰ বৰষুণৰ ফলত এখন দেৱাল বাগৰি পৰাত ১০গৰাকী মহিলাসহ ১৫জন লোকৰ মৃত্যু হয়।

আৰক্ষীৰ মতে, মূষলধাৰ বৰষুণৰ বাবে এখন ১৫ ফুট দীঘল দেৱাল এটা পৰিয়ালৰ ঘৰৰ ওপৰত পৰাত ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰে পৰিয়ালটোৰ লোকসকল।

অগ্নিনিৰ্বাপক আৰু উদ্ধাৰকাৰী দলে স্থানীয় লোক আৰু আৰক্ষীৰ সহযোগত ধ্বংসস্তুপৰ মাজৰ পৰা উদ্ধাৰ কৰে মৃতদেহকেইটা। নিহতসকলৰ পৰিয়াললৈ সমবেদনা জনাই মুখ্যমন্ত্ৰী কে পলানীস্বামীয়ে প্ৰতিজনৰ পৰিয়াললৈ চাৰিলাখকৈ এককালীন সাহায্য ঘোষণা কৰে।




ৰাজ্যখনত বিগত ২৪ ঘণ্টা ধৰি নেৰানেপেৰা বৰষুণ হৈ আছে। বতৰ বিজ্ঞান বিভাগে আগন্তুক চাৰিদিনলৈ বৰষুণ অব্যাহত থাকিব বুলি জাৰি কৰিছে সতৰ্কবাণী। প্ৰশাসনে সকলো স্কুল আৰু কলেজ বন্ধ ঘোষণা কৰিছে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি