உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Cyclone Yaas: আহি আছে ‘য়াছ’, ঘূৰ্ণী বতাহৰ প্ৰভাৱ ক’ত কেতিয়া পৰিব? জানি লওক

    Cyclone Yaas: আহি আছে ‘য়াছ’, ঘূৰ্ণী বতাহৰ প্ৰভাৱ ক’ত কেতিয়া পৰিব? জানি লওক

    ঘূৰ্ণী বতাহৰ য়াছৰ প্ৰভাত সমুদ্ৰ উত্তাল হৈ পৰিব। বাংলাদেশ, বংগ–ওড়িশা উপকূলৰ মৎসজীৱীসকলক বুধবাৰলৈ সমুদ্ৰলৈ যোৱাত বাধা নিষেধ জাৰি কৰা হৈছে।

    ঘূৰ্ণী বতাহৰ য়াছৰ প্ৰভাত সমুদ্ৰ উত্তাল হৈ পৰিব। বাংলাদেশ, বংগ–ওড়িশা উপকূলৰ মৎসজীৱীসকলক বুধবাৰলৈ সমুদ্ৰলৈ যোৱাত বাধা নিষেধ জাৰি কৰা হৈছে।

    ঘূৰ্ণী বতাহৰ য়াছৰ প্ৰভাত সমুদ্ৰ উত্তাল হৈ পৰিব। বাংলাদেশ, বংগ–ওড়িশা উপকূলৰ মৎসজীৱীসকলক বুধবাৰলৈ সমুদ্ৰলৈ যোৱাত বাধা নিষেধ জাৰি কৰা হৈছে।

    • Share this:


    আজি পুৱাই বংগোপসাগৰত সৃষ্টি হ’ব ঘূৰ্ণী বতাহ ‘য়াছ’। আজি, সোমবাৰে নিশাৰ ভিতৰত ই শক্তিশালী ঘূৰ্ণী বতাহত পৰিণত হ’ব। বুধবাৰে দুপৰীয়া উত্তৰ বংগোপসাগৰত যাৰ গতিবেগ হ’ব পাৰে সৰ্বোচ্চ ১৯০ কিলোমিটাৰ পৰ্যন্ত। দিঘাৰ পৰা বালাছোৰৰ মাজত ই স্থলভাগত প্ৰৱেশ কৰিব পাৰে বুধবাৰে দুপৰীয়াৰ পিছত।

    বংগ–ওড়িশা উপকূলৰ ফালেই গতি ঘূৰ্ণী বতাহ ‘য়াছ’ৰ। উত্তৰ বংগোপসাগৰত অতি শক্তিশালী ঘূৰ্ণীবতাহৰ গতিবেগ হ’ব পাৰে ১৬০ৰ পৰা ১৯০ কিলোমিটাৰ পৰ্যন্ত। এই ঘূৰ্ণী বতাহৰ বিস্তৃতি বহু বেছি বাবে ক্ষতি আশংকা অধিক অঞ্চলত হ’ব বুলি ধাৰণা কৰা হৈছে।

    ২২ মে’ত এক নিম্নচাহ সৃষ্টি হয় পূব মধ্য বংগোপসাগৰত। আন্দামান সাগৰ সংলগ্ন পূব–মধ্য বংগোপসাগৰত দেওবাৰে এক গভীৰ নিম্নচাপৰ সৃষ্টি হয়। ক্ৰমশঃ এই গভীৰ নিম্ন চাপ আজি পুৱা ঘূৰ্ণী বতাহত পৰিণত হ’ব বুলি ধাৰণা কৰিছে বতৰ বিজ্ঞানীয়ে।

    এইপৰ্যন্ত ঘূৰ্ণী বতাহৰ যি গতি সেয়া বংগ–ওড়িশা উপকূল অঞ্চলতে পৰাৰ সম্ভাৱনা প্ৰবল। উত্তৰ বংগোপসাগৰৰ এই ঘূৰ্ণী বতাহৰ বিস্তৃতি বাংলাদেশৰ পৰা উত্তৰ ওড়িশা উপকূল পৰ্যন্ত হ’ব। সেই ক্ষেত্ৰত সুন্দৰবনৰ সাগৰদ্বীপেৰেও স্থলভাগত প্ৰৱেশ কৰিব পাৰে এই ঘূৰ্ণী বতাহে।

    ঘূৰ্ণী বতাহৰ য়াছৰ প্ৰভাত সমুদ্ৰ উত্তাল হৈ পৰিব। বাংলাদেশ, বংগ–ওড়িশা উপকূলৰ মৎসজীৱীসকলক বুধবাৰলৈ সমুদ্ৰলৈ যোৱাত বাধা নিষেধ জাৰি কৰা হৈছে। সোমবাৰৰ পৰা পশ্চিম বংগৰ উপকূলৰ তিনি জিলাত ধুমুহা আৰু বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

    ১২০ৰ পৰা ১৪০ কিলোমিটাৰ প্ৰতিঘণ্টাত ধুমুহা বলিব পাৰে উত্তৰ ২৪ পৰগনাৰ উপকূল অঞ্চল আৰু দক্ষিণ ২৪ পৰগনা আৰু মেদিনীপুৰত। ঘণ্টাত ১০০ৰ পৰা ১২০ কিলোমিটাৰ বেগত বতাহ বলিব পাৰে কলকাতা, হাওৰা, হুগলী আৰু উত্তৰ ২৪ পৰগনাৰ ওপৰ অংশত। ৮০ৰ পৰা ১০০ কিলোমিটাৰ প্ৰতিঘণ্টাত বতাহ বলিব পাৰে ঝাৰগ্ৰাম, পশ্চিম মেদিনীপুৰ, পূব আৰু পশ্চিম বৰ্ধমান, নদিয়া বাঁকুৰা আৰু পুৰুলিয়াত। ২৫ মে’ মঙলবাৰে মূষলধাৰ বৰষুণ হ’ব পাৰে উপকূলৰ তিনি জিলাৰ উপৰি কলকাতা, হাওৰা, হুগলী, ঝাড়গ্ৰাম, পশ্চিম মেদিনীপুৰ, বাঁকুৰা আৰু পুৰুলিয়াত। কলকাতাত বৰষুণৰ লগতে বলিব বতাহ।

    Published by:Sanjay Kumar Das
    First published: