গৰমৰ থাৰ্ড ডিগ্ৰী, চুৰুত তাপমাত্ৰাই স্পৰ্শ কৰিলে হাফ চেঞ্চুৰী, দেশজুৰি ৩০জন লোকৰ মৃত্যু

উৎকট গৰমে দহিছে সমগ্ৰ দেশ। গৰমৰ প্ৰকোপত ৰাজস্থান আৰু বিদৰ্ভত ৰেড এলাৰ্ট আৰু পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, দিল্লী আৰু মধ্য প্ৰদেশত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।

Dulu Medhi | news18assam
Updated:June 2, 2019, 11:14 AM IST
গৰমৰ থাৰ্ড ডিগ্ৰী, চুৰুত তাপমাত্ৰাই স্পৰ্শ কৰিলে হাফ চেঞ্চুৰী, দেশজুৰি ৩০জন লোকৰ মৃত্যু
উৎকট গৰমে দহিছে সমগ্ৰ দেশ। গৰমৰ প্ৰকোপত ৰাজস্থান আৰু বিদৰ্ভত ৰেড এলাৰ্ট আৰু পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, দিল্লী আৰু মধ্য প্ৰদেশত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।
Dulu Medhi | news18assam
Updated: June 2, 2019, 11:14 AM IST
সমগ্ৰ ভাৰতত এতিয়া প্ৰচণ্ড গৰম। গৰমৰ প্ৰকোপত ৰাজস্থান আৰু বিদৰ্ভত ৰেড এলাৰ্ট আৰু পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, দিল্লী আৰু মধ্য প্ৰদেশত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। পশ্চিম ৰাজস্থানৰ চুৰুত তাপমাত্ৰা পাইছেগৈ ৫০.৮ ডিগ্ৰী ছেলচিয়াছ। ইফালে জেছলমেৰত ভাৰত–পাকিস্তানৰ সীমাত তাপমাত্ৰাই কোবাইছে হাফ চেঞ্চুৰী। দেশজুৰি গৰমৰ প্ৰকোপত ৩০জন লোকৰ মৃত্যু হৈছে।

থাৰ মৰুভূমিৰ পৰা অহা গৰম বতাহৰ বাবে তাপমাত্ৰা বৃদ্ধি হৈছে। বতৰ বিজ্ঞান বিভাৱে জনোৱা অনুসৰি এই তাপমাত্ৰা ৩ জুনলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা। ৬ জুনৰ পিছতহে বৰষুণ অহাৰ সম্ভাৱনা। ইয়াৰ মাজতে লক্ষ্ণৌ বতৰ বিজ্ঞান বিভাৱে জনোৱা মতে আগন্তুক ৩ ঘণ্টাত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, চীতাপুৰ, হৰদৌই, বাৰাবংকী আৰু আশে পাশে থকা এলেকাত শিলাবৃষ্টিৰ লগতে বৰষুণ হোৱাৰ সম্ভাৱনা যথেষ্ট।

 




 
আৰু চাওক পৰৱৰ্তী বাতৰি