দিল্লীত গৰমে ভংগ কৰিলে অভিলেখ, ৪৮ ডিগ্ৰী চেলচিয়াছলৈ উঠিল পাৰাস্তম্ভ

দিল্লীৰ ইতিহাসত আজিৰ দিনটো আছিল সৰ্বাধিক গৰম দিন।

news18assam
Updated:June 10, 2019, 7:56 PM IST
দিল্লীত গৰমে ভংগ কৰিলে অভিলেখ, ৪৮ ডিগ্ৰী চেলচিয়াছলৈ উঠিল পাৰাস্তম্ভ
দিল্লীৰ ইতিহাসত আজিৰ দিনটো আছিল সৰ্বাধিক গৰম দিন।
news18assam
Updated: June 10, 2019, 7:56 PM IST
দিল্লীত সৰ্বকালৰ অভিলেখ ভংগ কৰিলে গৰমে। দিল্লীৰ ইতিহাসত আজিৰ দিনটো আছিল সৰ্বাধিক গৰম দিন। আজি ৰাজধানী চহৰখনত ৪৮ ডিগ্ৰী চেলচিয়াছলৈ উঠিল পাৰাস্তম্ভ। ইয়াৰ পূৰ্বে ২০১৪ চনৰ ৯ জুনত পালমত তাপমান আছিল সৰ্বাধিক ৪৭.৮ ডিগ্ৰী চেলচিয়াছ। ইফালে, ছফদৰগঞ্জত সোমবাৰে তাপমাত্ৰা আছিল সৰ্বাধিক ৪৫.৬ ডিগ্ৰী চেলচিয়াছ, যিটো এই বৰ্ষৰ সৰ্বাধিক। ১৯৪৫ চনৰ ১৭ জুনত ছফদৰগঞ্জত সৰ্বাধিক তাপমাত্ৰা আছিল ৪৬.৭ ডিগ্ৰী চেলচিয়াছ।
আৰু চাওক পৰৱৰ্তী বাতৰি