মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»পদমৰ্যাদাৰ প্ৰতি সন্মান, কৰ্মৰত অৱস্থাত পিতৃয়ে চ্যেলুট দিলে DSP কন্যাক, ভাইৰেল

পদমৰ্যাদাৰ প্ৰতি সন্মান, কৰ্মৰত অৱস্থাত পিতৃয়ে চ্যেলুট দিলে DSP কন্যাক, ভাইৰেল

News18 Assam | News18-Assam
Updated:January 4, 2021, 6:03 PM IST
পদমৰ্যাদাৰ প্ৰতি সন্মান, কৰ্মৰত অৱস্থাত পিতৃয়ে চ্যেলুট দিলে DSP কন্যাক, ভাইৰেল
ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে  পিতৃ-কন্যা। দুয়োগৰাকী দুখন বেলেগ জিলাত কৰ্মৰত। কিন্তু অন্ধ্ৰপ্ৰদেশৰ তীৰুপতিত অনুষ্ঠিত  হোৱা ‘পুলিচ মিট দ্যে’ত হঠাত্‍ পিতৃয়ে কন্যাক লগ পাই চ্যেলুট দিয়ে।

ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে  পিতৃ-কন্যা। দুয়োগৰাকী দুখন বেলেগ জিলাত কৰ্মৰত। কিন্তু অন্ধ্ৰপ্ৰদেশৰ তীৰুপতিত অনুষ্ঠিত  হোৱা ‘পুলিচ মিট দ্যে’ত হঠাত্‍ পিতৃয়ে কন্যাক লগ পাই চ্যেলুট দিয়ে।

  • Share this:
দেওবাৰে অন্ধ্ৰপ্ৰদেশৰ তীৰুপতিৰ এক বিশেষ দৃশ্যই বহুতৰ চকুলৈ বোৱাই আনিছে আনন্দৰ চকুলো। পিতৃ আৰু কন্যা দুয়োগৰাকীয়েই আৰক্ষী। হঠাত্‍ বিশেষ অনুষ্ঠানত মুখামুখি হ’ল দুয়ো।

এয়া নিশ্চয়কৈ এগৰাকী পিতৃৰ বাবে গৌৰৱৰ বিষয়। চাৰ্কোল ইন্সপেক্টৰ ৱাই শ্যাম সুন্দৰে নিজ কন্যা য়েনলুৰু জেচী প্ৰশান্তিক দিলে চ্যেলুট। কাৰণ পদমৰ্যদাৰ ফালৰ পৰা পিতৃতকৈ ওপৰত কন্যা। য়েনলুৰু জেচী প্ৰশান্তি ৰাজ্যখনৰ গুনটুৰ জিলাৰ উপ-আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত। অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে আয়োজন কৰা ‘পুলিচ মিট দ্যে’ত দুয়ো ৰাজহুৱা
ভাবে মুখামুখি হ’ল। আৰু কন্যাৰ পদক সন্মান জনাই চ্যেলুট দিয়ে পিতৃ ৱাই শ্যাম সুন্দৰে।




পিছত সংবাদ মাধ্যমৰ আগত য়েনলুৰু জেচী প্ৰশান্তিয়ে কয় যে, ‘দেউতাই মোক চ্যেলুট দিয়া দেখি অপ্ৰস্তুত হৈ পৰিছিলো। কাৰণ যিমান যি হ’লেও তেওঁ মোৰ দেউতা। এনেদৰে কৰ্তব্যৰ সময়ত আমি প্ৰথমবাৰলৈ মুখামুখি হ’লো। পিছত একেখিনি সন্মান ময়ো দেউতাক দিলো।
Published by: Himangshu Bhuyan
First published: January 4, 2021, 5:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি