মুখ্যপৃষ্ঠা »খবৰ »দেশ »শিলৰ হাৰ্ট! মৰনোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট দেখি হতবাক চিকিৎসক

শিলৰ হাৰ্ট! মৰনোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট দেখি হতবাক চিকিৎসক

মৃতদেহৰ মৰনোত্তৰ পৰীক্ষা কৰি আচৰিত হৈ পৰিল চিকিৎসক। মৃত ব্যক্তিগৰাকীৰ হাৰ্ট একেবাৰে কঠিন হৈ পৰিছে পাথৰৰ দৰে। ঘটনাটো সংঘটিত হৈছে গোৱাত।

মৃতদেহৰ মৰনোত্তৰ পৰীক্ষা কৰি আচৰিত হৈ পৰিল চিকিৎসক। মৃত ব্যক্তিগৰাকীৰ হাৰ্ট একেবাৰে কঠিন হৈ পৰিছে পাথৰৰ দৰে। ঘটনাটো সংঘটিত হৈছে গোৱাত।

মৃতদেহৰ মৰনোত্তৰ পৰীক্ষা কৰি আচৰিত হৈ পৰিল চিকিৎসক। মৃত ব্যক্তিগৰাকীৰ হাৰ্ট একেবাৰে কঠিন হৈ পৰিছে পাথৰৰ দৰে। ঘটনাটো সংঘটিত হৈছে গোৱাত।

  • Share this:
তোমাৰ হৃদয় কি শিলৰ হৈ গৈছে? বিভিন্ন সময়ত খং অভিমানত এনেধৰণৰ কথা কোৱা দেখা যায়। কিন্তু এইবাৰ যেন সঁচাকৈয়ে পোৱা গ'ল শিলৰ হাৰ্টৰ মানুহ! ৫০ বছৰীয়া এই ব্যক্তিজনৰ মৃত্যুৰ পিছত পোহৰলৈ আহিল এই বিৰল ঘটনা। স্তম্ভিত হৈ পৰিল চিকিৎসকসকল। চিকিৎসকে জনোৱা মতে, এয়া এক প্ৰকাৰৰ বিৰল অসুখ। হাৰ্টৰ কোষ  টান হৈ হৈ প্ৰায় শিলত পৰিণত হোৱা দেখা গৈছে।

অজ্ঞাত পৰিচয়ৰ এই ব্যক্তিগৰাকীৰ মৰনোত্তৰ পৰীক্ষা চলিছিল। কিন্তু মৰনোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট লাভ কৰি হতবাক হৈ পৰে আৰক্ষী। ঘটনাটো সংঘটিত হৈছে গোৱাত।

এখন ইংৰাজী দৈনিক বাতৰি কাকত প্ৰকাশিত বাতৰি মতে, গোৱাৰ মেডিকেল কলেজত শিলৰ হাৰ্ট সম্বন্ধে জানিব পাৰে চিকিৎসকসকলে। ৰিপৰ্ট অনুসৰি, বিৰল এই ঘটনা হাৰ্টৰ টিচুৰ ক্যালচিফিকেশ্যনৰ বাবে হয়। এনে অৱস্থাত হাৰ্টৰ টিচু পাথৰৰ দৰে কঠিন হৈ পৰে।

মৰনোত্তৰ পৰীক্ষাৰ সময়ত উপস্থিত থকা চিকিৎসক ডা০ ভৰত শ্ৰীকুমাৰে জনাইছে যে, হাৰ্ট ইমানেই কঠিন হৈ পৰিছিল যে, একেবাৰে শিলৰ দৰে। ছিনিয়ৰ চিকিৎসকক ইয়াৰ বিষয়ে জনোৱাৰ পিছত পেথ'লজি বিভাগৰ সহায়ত হাৰ্টৰ হিষ্টোপেথ'লজিকেল ষ্টাডি কৰাৰ পৰামৰ্শ দিছে।

এই মৰনোত্তৰ পৰীক্ষা জুলাই মাহত কৰা হৈছিল। মৃতদেহ অৱশ্যে চিনাক্ত কৰা হোৱা নাই। ডা০ ভৰত শ্ৰীকুমাৰ গোৱা মেডিকেল কলেজৰ ফৰেনশ্যিক মেডিচিনৰ পিজি, দ্বিতীয় বৰ্ষৰ ছাত্ৰ। সম্প্ৰতি তেওঁৰ পেপাৰ 'A heart set in Stone'-এ মেডিকেল কনফাৰেন্সত প্ৰথম পুৰষ্কাৰ লাভ কৰিছে। তাৰ পিছতেই পোহৰলৈ আহে এই ঘটনা।

শেহতীয়া বাতৰি