মহাৰাষ্ট্ৰত ফাড়নবিছ চৰকাৰৰ ফ্ল’ৰ টেষ্ট কেতিয়া? আজি ১০.৩০ বজাত উচ্চতম ন্যায়ালয়ত শুনানি

News18-Assam
Updated:November 26, 2019, 8:31 AM IST
মহাৰাষ্ট্ৰত ফাড়নবিছ চৰকাৰৰ ফ্ল’ৰ টেষ্ট কেতিয়া? আজি ১০.৩০ বজাত উচ্চতম ন্যায়ালয়ত শুনানি
ইয়াৰ পূৰ্বে সোমবাৰে সকলো পক্ষৰ যুক্তি শুনাৰ পিছত উচ্চতম ন্যায়ালয়ে মঙলবাৰলৈ শুনানি সংৰক্ষিত ৰাখিছিল।

ইয়াৰ পূৰ্বে সোমবাৰে সকলো পক্ষৰ যুক্তি শুনাৰ পিছত উচ্চতম ন্যায়ালয়ে মঙলবাৰলৈ শুনানি সংৰক্ষিত ৰাখিছিল।

  • Share this:
মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে চলি থকা জল্পনা–কল্পনাক লৈ আজি উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি। দেৱেন্দ্ৰ ফাড়নবিছক মুখ্যমন্ত্ৰী পদৰ শপত দিয়াৰ বাবে ৰাজ্যপাল ভগত সিং কোশ্যাৰীৰ সিদ্ধান্তৰ বিৰুদ্ধে শিৱসেনা, এনচিপি আৰু কংগ্ৰেছে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। পুৱা ১০.৩০ বজাত এই আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে সোমবাৰে সকলো পক্ষৰ যুক্তি শুনাৰ পিছত উচ্চতম ন্যায়ালয়ে মঙলবাৰলৈ শুনানি সংৰক্ষিত ৰাখিছিল।

সোমবাৰে উচ্চতম ন্যায়ালয়ত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ ফালৰ পৰা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগী, অজিত পাৱাৰৰ ফালৰ পৰা জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিঙে নিজৰ নিজৰ যুক্তি দাঙি ধৰে। আনহাতে, কংগ্ৰেছৰ ফালৰ পৰা যুক্তি তুলি ধৰে জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে। শুনানি আৰম্ভ হোৱাৰ লগে লগে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৰাজ্যপালৰ পত্ৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰে। তেওঁ ৰাজ্যপালৰ সাংবিধানিক অধিকাৰৰ কথাও উল্লেখ কৰে ন্যায়ালয়ত।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি