আজি উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনক লৈ গুৰুত্বপূৰ্ণ শুনানি। মুঠ ১৪৪খন আবেদনৰ শুনানি গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে। ইয়াৰ ভিতৰত অসমৰ পৰা দাখিল কৰা আবেদন ১৭কন। বিতৰ্কিত আইনখন বাতিল আৰু স্থগিতকৰণৰ বাবে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।
দেশৰ মুখ্য ন্যায়াধীশ এছ এ ববডেৰে গঠিত তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি। মুখ্য ন্যায়াধীশৰ লগত থাকিব ন্যায়াধীশ আব্দুল নাজিৰ আৰু ন্যায়াধীশ সঞ্জীৱ খান্না।
মূল আবেদনকাৰী Indian Union Muslim League–এ যোৱা ১৬ ডিচেম্বৰত আন এখন আবেদন দাখিল কৰিছিল। আবেদনখনৰ যোগেদি কেৰালাৰ ৰাজনৈতিক দলটোৱে CAAৰ কাৰ্যকৰীকৰণ স্থগিত কৰিবলৈ উচ্চতম ন্যায়ালয়ক আবেদন জনাইছে। ১০ জানুৱাৰীৰ পৰা কেন্দ্রীয় চৰকাৰে এখন ৰাজপত্ৰিত জাননীৰ যোগেদি সমগ্ৰ দেশতে কাৰ্যকৰী কৰিছিল CAA।
আনহাতে কেৰালা চৰকাৰেও ১৫ জানুৱাৰীত আইনখনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। কেৰালা চৰকাৰে ভাৰতীয় সংবিধানৰ ১৩১নং অনুচ্ছেদৰ অধীনত দাখিল কৰিছিল আবেদন। এই অনুচ্ছেদে ৰাজ্য আৰু কেন্দ্ৰৰ সংঘাত নিষ্পত্তি কৰিবলৈ উচ্চতম ন্যায়ালয়ক ক্ষমতা প্ৰদান কৰে। অসমৰ পৰা সৰ্বমুঠ ১৭টা সংগঠন আৰু ব্যক্তি বিশেষে আবেদন দাখিল কৰিছে। তাৰ ভিতৰত অন্যতম আছু, অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ, অসম ৰাজ্যিক জমিয়ত, অসম কংগ্ৰেছ, অসম সাহিত্য সভা, দেৱব্ৰত শইকীয়া, ড০ হীৰেন গোহাঁই আদি।
আনহাতে NESO–এ আইনখনৰ বিৰুদ্ধে দাখিল কৰিছে আবেদন। অসমৰ বাহিৰৰ IUMLৰ বাদে DMK, CPI, TMCৰ মহুৱা মৈত্ৰা, জয়ৰাম ৰমেশ আদিয়ে আবেদন দাখিল কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|