Self Testing Kits For Covid-19 : বিশেষজ্ঞৰ মতে, কোভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণত দ্ৰুতগতিত বিয়পিছে দেশত। বৰ্তমান ডেল্টা আরু অমিক্ৰন ভেৰিয়েণ্ট চিন্তাৰ কাৰণ হৈ পৰিছে। আনহাতে, কোভিডৰ সংক্ৰমণৰ দ্ৰুত বৃদ্ধিয়ে সমগ্ৰ দেশত ছেল্ফ টেষ্টিং কিটৰ চাহিদা বৃদ্ধি পাইছে। বজাৰত এই কিটৰ দাম ২৫০ টকাৰ পৰা ৩৫০ টকাৰ মাজত চলি আছে। এই কিট স্বাস্থ্য টেকনিচিয়ানৰ দ্বাৰা কৰা আৰটিপিচিআৰ পৰীক্ষাৰ দামৰ বিপৰীতে এক সস্তা বিকল্প। ইক’নমিক টাইমছৰ খবৰ অনুসৰি, ঘৰত থকা মানুহৰ বাবে ৰেপিড এণ্টিজেন টেষ্টৰ কিটে এক সুকীয়া স্বাধীনতা প্ৰদান কৰে। মানুহে সহজতে ঘৰতে বহি নিজৰ পৰীক্ষা কৰিব পাৰে। কিন্তু আপুনি জানেনে যে ইয়াৰ ফলাফল কিমান সঁচা বা ঘৰুৱা পৰীক্ষণ কিট কিমান বিশ্বাসযোগ্য?
আচলতে অধিকাংশ ৰেপিড এণ্টিজেন টেষ্ট নাক আৰু ছোৱাবৰ নমুনাৰে কৰা হয় আৰু ফলাফল কেৱল ১৫ মিনিটতে পোৱা যায়। ঘৰুৱা পৰীক্ষণ আৰএটি কিটৰ ব্যৱহাৰ কৰা অতি সহজ। ফৰ্টিছ হাস্পতাল, শালিমাৰ বাহত এইচঅ’ডি আৰু সঞ্চালক–পালম’নজী ডাঃ বিকাশ মৌৰ্যই কয় যে আৰএটি কিট জীন পৰীক্ষণতকৈ কম বিশ্বাসযোগ্য আৰু মিছা নিগেটিভ বা পজিটিভ ফলাফল প্ৰদান কৰিব পাৰে। মিছা ফলাফলৰ বাখ্যা দি তেওঁ কয় যে এয়া অতি অসামান্য, কিন্তু কিছুমান প্ৰটিনৰ কথা জানিবৰ বাবে ১০০ বা অধিক পৰীক্ষণৰ ভিতৰত এই পৰিণাম দেখুৱাব পাৰে।
এছআৰএল ডায়েগ’নেষ্টিকৰ চিইঅ’ আনন্দে কয় যে আৰএটি ৰোগীক সুৰক্ষাৰ মিছা ফলাফল দিব পাৰে, যেতিয়া ই ভুল নিগেটিভ ফলাফল প্ৰদান কৰে। হোম কিটৰ পৰামৰ্শ তেতিয়াহে দিয়া হয় যেতিয়া মানুহে সতৰ্কতাৰ বাবে ইয়াক ব্যৱহাৰ কৰিব বিচাৰে। নৱী মুম্বাইৰ এপল’ হাস্পতালৰ পৰামৰ্শদাতা–সংক্ৰামক ৰোগ ডাঃ লক্ষ্মণ জেছানীয়ে কয় যে ২৫ৰ পৰা ৩০ শতাংশ ঘটনাত স্ব–পৰীক্ষণে ভুল নিগেটিভ ফলাফল দেখুৱায়। এক নেতিবাচক ফলাফলৰ অৰ্থ এয়াই যে এই পৰীক্ষণে ভাইৰাছৰ চিনাক্ত কৰা নাই, কিন্তু ই সংক্ৰমণৰ কথা অস্বীকাৰ নকৰে।
যশলোক হাস্পতালৰ পৰামৰ্শদাতা ডাঃ নাগনাথ নৰসিমহন প্ৰেমে কয় যে আৰএটি এটা ভাল হোম কিট, কিন্তু ইয়াৰ সত্যতা এতিয়াও আলোচনাৰ বিষয়। কোভিড স্ব–পৰীক্ষণ সত্যতাত কিছু পিছ পৰি আছে কিয়নো আৰটিপিচিআৰৰ তুলনাত ইয়াত মিছা নিগেটিভৰ সম্ভাৱনা অধিক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|