• Home
  • »
  • News
  • »
  • nation
  • »
  • ‘গুটখা, চাধা, চুপাৰিও বন্ধ কৰক, তেনে সামগ্ৰী খাই ৰাজহুৱাভাৱে পিকাই থাকিলেও সংক্ৰমণ হ’ব পাৰে কোৰোণা’

‘গুটখা, চাধা, চুপাৰিও বন্ধ কৰক, তেনে সামগ্ৰী খাই ৰাজহুৱাভাৱে পিকাই থাকিলেও সংক্ৰমণ হ’ব পাৰে কোৰোণা’

ধূম্ৰপানৰ বিৰুদ্ধেও ছচিয়েল মিডিয়াত সজাগতাৰ সৃষ্টি কৰিবলৈ ৰাজ্য চৰকাৰসমূহক আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰণালয়ে।

  • Share this:
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৰাজ্য চৰকাৰৰসমূহলৈ পত্ৰ প্ৰেৰণ কৰি ধঁপাত আৰু চুপাৰিৰ বিক্ৰীও বন্ধ কৰিবলৈ কয়। তেনে সামগ্ৰী মুখত দিয়াৰ পিছত চোবাই থাকিব লাগে যাৰ ফলত জোখতকৈ বেছি লেলাউটিৰ উৎপন্ন হয়। অধিক লেলাউটিয়ে সঘনে পিকাই থকাৰ প্ৰৱণতা বঢ়ায়। আৰু ৰাজহুৱাভাৱে পিকাই থাকিলে কোৰোণা ভাইৰাছ বিয়পিব পাৰে। এই আশংকা প্ৰকাশ কৰিয়েই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে তেনে সামগ্ৰীৰ ওপৰতো সাময়িক প্ৰতিবন্ধকতা লগাবলৈ ৰাজ্যলৈ পত্ৰ প্ৰেৰণ কৰিছে।

ধূম্ৰপানৰ বিৰুদ্ধেও ছচিয়েল মিডিয়াত সজাগতাৰ সৃষ্টি কৰিবলৈ ৰাজ্য চৰকাৰসমূহক আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰণালয়ে। চিগাৰেট সেৱন কৰিলে হাতখনে সঘনে মুখমণ্ডলত স্পৰ্শ কৰে যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনীয়তা বাঢ়িব পাৰে। আনহাতে ধূম্ৰপান কৰিলে হৃদপিণ্ড দুৰ্বল হয় যাৰ ফলত Covid-19ৰ বিৰুদ্ধে (সংক্ৰমণ হোৱাৰ পিছত) শৰীৰটোৱে যুঁজা শক্তি হেৰুৱায়। এই কথাখিনি উল্লেখ কৰা হৈছে পত্ৰখনত।
Published by:Sanjay Kumar Das
First published: