মুখ্যপৃষ্ঠা »খবৰ »দেশ »কেনে আছে অৰুণ জেটলী?

কেনে আছে অৰুণ জেটলী?

Source-Google

Source-Google

শুকুৰবাৰে সংকটজনক অৱস্থাত দিল্লীস্থিত AIIMS ত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰীজনক।

  • Share this:
    শুকুৰবাৰে গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছিল কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলী। হৃদ ৰোগত আক্ৰান্ত অৰুণ জেটলীক দিল্লীস্থিত AIIMS ত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান চিকিৎসালয় খনৰ ICU ত চিকিৎসাধীন হৈ আছে বিজেপি দলৰ বৰ্ষীয়ান ৰাজনীতিবিদগৰাকী। শেহতীয়া খবৰ অনুসৰি এতিয়া আগতকৈ কিছু সুস্থিৰ হৈছে যদিও, এতিয়াও সংকটমুক্ত নহয় অৰুণ জেটলী।

    উল্লেখযোগ্য যে শুকুৰবাৰে জেটলীক চিকিত্‍সালয়ত ভৰ্তি কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা উপস্থিত হৈছিল চিকিৎসালয়খনত।

    সমগ্ৰ দেশৰ বাবেই জেটলী আছিল এগৰাকী আদৰ্শবান ৰাজনীতিবিদ বুলি জনাজাত। ১৯৫২ চনৰ ২৮ ডিচেম্বৰ তাৰিখে নতুন দিল্লীত জন্মগ্ৰহণ কৰিছিল অৰুণ জেটলীয়ে। সৰুৰে পৰাই অতি মেধা সম্পন্ন অৰুণ জেটলীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শ্ৰীৰাম কলেজ অৱ কমাৰ্ছৰ পৰা বানিজ্য বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তি সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়তো স্নাতক ডিগ্ৰী লাভ কৰে অৰুণ জেটলীয়ে। ১৯৭৪ চনত অৰুণ জেটলীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যোগদান কৰি ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে। ১৯৯১ চনত অৰুণ জেটলী বিজেপি দলৰ সৈতে জড়িত হৈ পৰে অৰুণ জেটলী। পৰৱৰ্তী সময়ত অৰুণ জেটলী বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপে নিৰ্বাচিত হয় অৰুণ জেটলী। ১৯৯৯ চনৰ নিৰ্বাচনত অৰুণ জেটলীয়ে দলৰ মুখপাত্ৰৰ দায়িত্ব লাভ কৰে।



    ১৯৯৯ চনত বাজপেয়ী চৰকাৰৰ সময়ত অৰুণ জেটলীয়ে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰে। ২০০৯ চনত অৰুণ জেটলীয়ে ৰাজ্যসভাৰ বিৰোধী দলপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। পিছত ২০১৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰাৰ পিছত মোদী চৰকাৰৰ বিত্তমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। অৰুণ জেটলীৰ কাৰ্যকালৰ সময়তে দেশৰ বিমুদ্ৰাকৰণ, পৰিকল্পনা আয়োগৰ পৰিৱৰ্তে নিটি আয়োগ, ৰেল আৰু বিত্ত বাজেটৰ একত্ৰকৰণ কৰা হয়।

    কিন্তু মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ শেষৰ ফালে অধিক অৱনতি ঘটে অৰুণ জেটলীৰ স্বাস্থ্যৰ। দীৰ্ঘদিন ধৰি বিক্কৰ ৰোগত আক্ৰান্ত হৈ থকা জেটলীয়ে বিগত বছৰ কেইবাটাও অস্ত্ৰোপচাৰৰ সন্মুখীন হ’ব লগীয়া হৈছিল।

    শেহতীয়া বাতৰি