‘স্বামীয়ে গাত প্ৰস্ৰাৱ কৰে’, প্ৰধানমন্ত্ৰীক অভিযোগ পত্ৰ দিলে মন্ত্ৰীৰ পত্নীয়ে

প্ৰতিদিনে শাৰীৰিক অত্যাচাৰ কৰে স্বামীয়ে। সকলো সীমা চেৰাই পাষাণ স্বামীয়ে এইবাৰ পত্নীৰ শৰীৰত কৰিলে প্ৰস্ৰাৱ। এনে ঘৃণনীয় কাণ্ডত সৰব হ’ল মন্ত্ৰীৰ পত্নী

News18-Assam
Updated:September 28, 2019, 3:11 PM IST
‘স্বামীয়ে গাত প্ৰস্ৰাৱ কৰে’, প্ৰধানমন্ত্ৰীক অভিযোগ পত্ৰ দিলে মন্ত্ৰীৰ পত্নীয়ে
প্ৰতিদিনে শাৰীৰিক অত্যাচাৰ কৰে স্বামীয়ে। সকলো সীমা চেৰাই পাষাণ স্বামীয়ে এইবাৰ পত্নীৰ শৰীৰত কৰিলে প্ৰস্ৰাৱ। এনে ঘৃণনীয় কাণ্ডত সৰব হ’ল মন্ত্ৰীৰ পত্নী
News18-Assam
Updated: September 28, 2019, 3:11 PM IST
প্ৰতিদিনে শাৰীৰিক অত্যাচাৰ কৰে স্বামীয়ে। সকলো সীমা চেৰাই পাষাণ স্বামীয়ে এইবাৰ পত্নীৰ শৰীৰত কৰিলে প্ৰস্ৰাৱ। এনে ঘৃণনীয় কাণ্ডত সৰব হ’ল মন্ত্ৰীৰ পত্নী।

অভিযোগ উত্থাপিত হৈছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ মন্ত্ৰীসভাৰ সদস্য বাবুৰাম নিশাদৰ বিৰুদ্ধে। সম্প্ৰতি বাবুৰামৰ পত্নীয়ে ফেচবুকৰ জৰিয়তে প্ৰতিদিনে স্বামীয়ে কৰা অত্যাচাৰৰ কথা উল্লেখ কৰিছে। ফেচবুকত লিখিছে, ‘ মই বাবুৰাম নিশাদৰ পত্নী। ১৪ বছৰ পূৰ্বে আমি বিবাহ পাশত আৱদ্ধ হৈছিলো। বিয়াৰ পিছৰ পৰাই স্বামীয়ে মোৰ োপৰত অকথ্য নিৰ্যাতন চলাই আহিছে। আমি এই বিষয়ে আৰক্ষীকো জনাইছিলো, কিন্তু আৰক্ষীয়ে ন’ললে কোনো ধৰণৰ পদক্ষেপ। এতিয়া বৃদ্ধি  পাইছে বাবুৰামৰ অত্যাচাৰ। হত্যাৰো ভাবুকি দিছে বাবুৰামে। মোৰ লগতে মোৰ দেউতাকো বিভিন্ন ভয় ভাবুকি প্ৰদান কৰি আহিছে বাবুৰামে। সকলো সীমা চেৰাই স্বামীয়ে মোৰ গাত প্ৰস্ৰাৱ কৰি দিছে’।

কিন্তু মন্ত্ৰীগৰাকীয়ে পত্নীয়ে আৰূপ কৰা এই অভিযোগ নস্যাৎ কৰিছে। বাবুৰামে নিজৰ পত্নীৰ লগত সংসাৰ কৰোতো অসম্ভৱ বুলি অভিহিত কৰিছে। বাবুৰামে কয় যে, মোৰ পত্নী অত্যন্ত বিলাসবহুল। সদায়েই প্ৰচুক পৰিমাণে টকা দাবী কৰি ঘৰত অশান্তি সৃষ্টি কৰে।’

 

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি