HDFC বেংকে মুকলি কৰিলে নতুন ক্ৰেডিট কাৰ্ড, বছৰি বিনামূলীয়াকৈ পাব ৫০ লিটাৰ পেট্ৰ’ল–ডিজেল!

এই কাৰ্ডখন ৰূপে’ আৰু ভিজা দুয়োটা প্লেটফৰ্মত উপলব্ধ হ’ব। এই ক্ৰেডিট কাৰ্ডখনৰ বাৰ্ষিক মাচুল ৫০০ টকা।

News18-Assam
Updated:September 26, 2019, 3:20 PM IST
HDFC বেংকে মুকলি কৰিলে নতুন ক্ৰেডিট কাৰ্ড, বছৰি বিনামূলীয়াকৈ পাব ৫০ লিটাৰ পেট্ৰ’ল–ডিজেল!
এই কাৰ্ডখন ৰূপে’ আৰু ভিজা দুয়োটা প্লেটফৰ্মত উপলব্ধ হ’ব। এই ক্ৰেডিট কাৰ্ডখনৰ বাৰ্ষিক মাচুল ৫০০ টকা।
News18-Assam
Updated: September 26, 2019, 3:20 PM IST
HDFC বেংকে ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেডৰ সৈতে মিলি এখন নতুন ক্ৰেডিট কাৰ্ড মুকলি কৰিছে। এই কাৰ্ডখনৰ কেইবাটাও বিশেষত্ব আছে। HDFC বেংক আৰু ইণ্ডিয়ান অইল কৰ্প’ৰ্চেন লিমিটেডে নন–মেট্ৰ’ চহৰ আৰু নগৰসমূহৰ গ্ৰাহকৰক বাবে এই কাৰ্ডখন মুকলি কৰিছে। এই কাৰ্ডখনৰ নাম ‘ইণ্ডিয়ান অইল HDFC বেংক ক্ৰেডিট কাৰ্ড’। এই কাৰ্ডৰ জৰিয়তে গ্ৰাহকে ইন্ধন ক্ৰয়ৰ ক্ষেত্ৰত পাব পাৰে আকৰ্ষণীয় লাভ।

এই কাৰ্ডখন ৰূপে’ আৰু ভিজা দুয়োটা প্লেটফৰ্মত উপলব্ধ হ’ব। এই ক্ৰেডিট কাৰ্ডখনৰ বাৰ্ষিক মাচুল ৫০০ টকা। যদি কোনোৱে কাৰ্ডখনেৰে বছৰত ৫০ হাজাৰ টকা খৰচ কৰে তেন্তে বাৰ্ষিক মাচুল ৰেহাই পাব।

ইণ্ডিয়ান অইল HDFC বেংক ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ২০,০০০ টকাতকৈ অধিক IOCL আউটলেটত ‘Fuel Points’ নামৰ ৰিৱাৰ্ডছ পাব পাৰে। ইয়াৰ উপৰি অন্য খৰচ যেনে গ্ৰোছাৰী, বিল পে’মেণ্ট, শ্ব’পিং আদিতো ফুৱেল পইণ্ট লাভ কৰিব পাৰিব। এই পইণ্টসমূহৰ জৰিয়তে আপুনি বছৰি ৫০ লিটাৰলৈকে ইন্ধন বিনামূলীয়াকৈ লাভ কৰিব পাৰে।




এই ক্ৰেডিট কাৰ্ডখনৰ বাবে www.hdfcbank.comত গৈ বা বেংকৰ শাখালৈ গৈ আবেদন কৰিব পাৰে। অধিক জানিবৰ বাবে বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰিব পাৰে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি