কলিকতা উচ্চ ন্যায়ালয়ে আই আই টি খড়গপুৰৰ সঞ্চালকক ২৩ বছৰীয়া অসমৰ ছাত্ৰৰ অস্বাভাৱিক মৃত্যুৰ গোচৰত আদালতৰ সন্মুখত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
আই আই টি খড়গপুৰৰ ছাত্ৰজনৰ অস্বাভাৱিক মৃত্যুক লৈ এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে ইয়াক ‘ৰেগিং’ৰ স্পষ্ট গোচৰ বুলি অভিহিত কৰি ‘ৰেগিং’ৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীৰ নাম বিচাৰিছে বুলি লাইভল’ৱে প্ৰকাশ কৰিছে।
তদুপৰি, আদালতে আই আই টি খড়গপুৰৰ সঞ্চালকক প্ৰতিষ্ঠানটোৰ হোষ্টেলত ৰেগিং সম্পৰ্কে তথ্য লাভ কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ পৰিচালনা আৰু ৱাৰ্ডেনসকলে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতিবেদন দাখিল কৰিবলৈ কয়।
ন্যায়াধীশ ৰাজশেখৰ মন্থাই কয়, "এই আদালতে ‘ৰেগিং’ৰ স্পষ্ট গোচৰ বুলি ধৰা পৰা তথ্য লাভ কৰাৰ পিছত উক্ত ৱাৰ্ডেন আৰু খড়গপুৰৰ আই আই টিৰ পৰিচালনা সমিতিয়ে কি পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে জানিবলৈ আগ্ৰহী।"
উল্লেখযোগ্য যে, অসমৰ তিনিচুকীয়া জিলাৰ ফৈজান আহমেদৰ আংশিকভাৱে পচি যোৱা মৃতদেহটো প্ৰতিষ্ঠানটোৰ হোষ্টেলৰ কোঠাত যোৱা ১৪ অক্টোবৰত উদ্ধাৰ হৈছিল।
মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ফৈজান আহমেদৰ আত্মহত্যা কৰি মৃত্যু হোৱা বুলি আৰক্ষীয়ে দাবী কৰিছিল।
ফৈজানৰ পৰিয়ালে অভিযোগ কৰে যে তেওঁক ৰেগিং কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিল আৰু তেওঁৰ অভিযোগ আই আই টি-খড়গপুৰৰ পৰিচালনা সমিতিয়ে শুনা নাছিল। তেওঁলোকে কয়, ‘এয়া আছিল হত্যাৰ স্পষ্ট গোচৰ।
কলিকতা উচ্চ ন্যায়ালয়েও আই আই টি খড়গপুৰ কৰ্তৃপক্ষৰ উপৰিও আৰক্ষীকো এই গোচৰৰ আওতালৈ আনিছে।
‘মিষ্টাৰ এডিচনেল এছ পি যদি আই আই টিৰ পৰা দমন হয় তেন্তে ব্যৱস্থা লওক। আমি কঠোৰ ব্যৱস্থা আশা কৰিছো, নহ’লে আমি পৰিচালনাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব লাগিব।’ বুলি দেশৰ প্ৰথমখন আই আই টিৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰি আদালতে মৌখিকভাৱে পৰ্যবেক্ষণ কৰে।
ফৈজান আহমেদৰ পৰিয়ালে ৰেগিং প্ৰতিষ্ঠা কৰিবলৈ ডিলিট কৰা ফেচবুক পোষ্ট এটালৈ আঙুলিয়াই দিছে।
পৰিয়ালটোৱে কয় যে “চিনিয়ৰ আৰু জুনিয়ৰৰ মাজত যুঁজ” হৈছিল। ‘তেওঁ (ফাইজান আহমেদ) ইয়াৰ পৰা আঁতৰি আছিল। অভিযোগ কৰিছিল। প্ৰথমতে তেওঁক সমৰ্থন কৰাসকলে পিছত সমৰ্থন প্ৰত্যাহাৰ কৰে।’-বুলি ফাইজানৰ পৰিয়ালৰ অধিবক্তা ৰানাজিৎ চেটাৰ্জীৰ উদ্ধৃতিৰে এন ডি টিভিয়ে কয়।
প্ৰমাণৰ প্ৰতি লক্ষ্য ৰাখি কলিকতা উচ্চ ন্যায়ালয়ে শুনানিৰ সময়ত প্ৰশ্ন কৰে যে আই আই টি খড়গপুৰৰ তথ্য দমন কৰা হৈছে নেকি? আদালতে কয় যে, ‘পৰৱৰ্তী শুনানিত আমি অতি সুনিৰ্দিষ্ট কিবা এটা আশা কৰিছো।
“আমি এটা সামাজিক বিকাৰৰ সৈতে মোকাবিলা কৰিছো, যিটো ৰোগে ছাত্ৰ-ছাত্ৰীক ভাঙি পেলাব পাৰে। কিছুমানে সাহসেৰে যুঁজে, কিন্তু কিছুমান ভাঙি পৰে। এইটো আত্মহত্যাৰ ক্ষেত্ৰত সহযোগিতাৰ সমান হ’ব নে নহয় সেয়া চাব লাগিব।’- বুলি আদালতে মন্তব্য কৰে।
কলিকতা উচ্চ ন্যায়ালয়ে এই বিষয়টো ২২ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ ঘোষণা কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|