মুখ্যপৃষ্ঠা »খবৰ »দেশ »"ভাৰতীয় হিচাপে আমি গৌৰৱান্বিত, আমাৰ সৈতে আপোনালোকৰ তুলনা নকৰিব": পাকিস্তানক ভাৰতীয় মুছলমানৰ প্ৰত্যুত্তৰ

"ভাৰতীয় হিচাপে আমি গৌৰৱান্বিত, আমাৰ সৈতে আপোনালোকৰ তুলনা নকৰিব": পাকিস্তানক ভাৰতীয় মুছলমানৰ প্ৰত্যুত্তৰ

হজৰত চৈয়দ নাছিৰুদ্দিন চিষ্টীয়ে তদুপৰি কয় যে পাকিস্তানে মনত ৰখা উচিত যে পাকিস্তানী মুছলমানতকৈ ভাৰতীয় মুছলমানসকল বহুত বেছি সুৰক্ষিত আৰু উন্নত অৱস্থাত আছে।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৰা ব্যক্তিগত আক্ৰমণত ক্ষুব্ধ হৈ আজি সমগ্ৰ দেশতে বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে।

  • Share this:
ৰাষ্ট্ৰসংঘত বহি মুছলমান সংগঠনসমূহেও প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো জৰ্দাৰীয়ে কৰা ব্যক্তিগত আক্ৰমণৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিষবাষ্প বিয়পোৱা পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো জৰ্দাৰীয়ে এজন ভাৰতীয় মুছলমানৰ পৰা উপযুক্ত উত্তৰ লাভ কৰিছে। সৰ্বভাৰতীয় চুফী সজ্জাদনশিন পৰিষদৰ সভাপতি হজৰত চৈয়দ নাছিৰুদ্দিন চিষ্টীয়ে প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত কৰা আপত্তিজনক মন্তব্যৰ বাবে পাকিস্তান আৰু বিলোৱাল ভুট্টোক প্ৰত্যুত্তৰ দি কয় যে পাকিস্তানক ভাৰতৰ সৈতে তুলনা নকৰিব। ভাৰতীয় হোৱাৰ বাবে আমি গৌৰৱান্বিত।

সংবাদ সংস্থা এ এন আইৰ তথ্য অনুসৰি চৈয়দ নাছিৰুদ্দিন চিষ্টীয়ে কয় যে পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে প্ৰধামমন্ত্ৰী মোদীৰ বিৰুদ্ধে ব্যৱহাৰ কৰা বিষাক্ত ভাষাক তেওঁ তীব্ৰ গৰিহণা দিয়ে। তেওঁ আৰু কয় যে এই বক্তব্যৰ জৰিয়তে বিলাৱাল ভুট্টোৱে কেৱল নিজৰ পদৰ মৰ্যাদা হ্ৰাস কৰাই নহয়, সমগ্ৰ দেশকো নিৰাশ কৰিছে।

'ভাৰতীয় মুছলমান অধিক সুৰক্ষিত'

হজৰত চৈয়দ নাছিৰুদ্দিন চিষ্টীয়ে তদুপৰি কয় যে পাকিস্তানে মনত ৰখা উচিত যে পাকিস্তানী মুছলমানতকৈ ভাৰতীয় মুছলমানসকল বহুত বেছি সুৰক্ষিত আৰু উন্নত অৱস্থাত আছে। চিষ্টিয়ে বিলাৱাল ভুট্টোক সোঁৱৰাই দিয়ে যে পাকিস্তানত সন্ত্ৰাসবাদী ওছামা বিন লাডেনক পাকিস্তান চৰকাৰৰ সন্মুখতে আমেৰিকান সেনাই হত্যা কৰিছিল। ভাৰতীয় সংবিধানে সকলোকে ধৰ্মৰ স্বাধীনতাৰ নিশ্চয়তা প্ৰদান কৰাৰ বাবে ভাৰতক পাকিস্তানৰ লগত তুলনা নকৰিবলৈও ভুট্টোক পৰামৰ্শ দিয়ে। ভুট্টোক তীব্ৰ সমালোচনা কৰি চিষ্টিয়ে কয় যে প্ৰতিজন মুছলমানে ভাৰতীয় হোৱাৰ বাবে গৌৰৱ অনুভৱ কৰে।

বিলাৱাল ভুট্টোৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ
উল্লেখযোগ্য যে পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৰা ব্যক্তিগত আক্ৰমণত ক্ষুব্ধ হৈ আজি সমগ্ৰ দেশতে বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টোৱে কৰা ব্যক্তিগত মন্তব্যক অতি লজ্জাজনক আৰু অপমানজনক বুলি অভিহিত কৰি শনিবাৰে তেওঁলোকৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কয়। এই কাৰণেই ১৭ ডিচেম্বৰত সমগ্ৰ দেশৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীত শাসকীয় দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰি পাকিস্তান আৰু ইয়াৰ বৈদেশিক মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিছে।

শেহতীয়া বাতৰি