মুখ্যপৃষ্ঠা »খবৰ »দেশ »"মোক সোধাসকলে দৰিদ্ৰলোকক সুধিছে নে যে তেওঁলোকে ঠাণ্ডা অনুভৱ কৰে নে নাই?"- দিল্লীত ভাৰত জোড়ো যাত্ৰাৰ সমাৱেশত ৰাহুল গান্ধী

"মোক সোধাসকলে দৰিদ্ৰলোকক সুধিছে নে যে তেওঁলোকে ঠাণ্ডা অনুভৱ কৰে নে নাই?"- দিল্লীত ভাৰত জোড়ো যাত্ৰাৰ সমাৱেশত ৰাহুল গান্ধী

দিল্লীত বিৰতি লোৱাৰ পূৰ্বে লালকিল্লাত এক সমাৱেশক সম্বোধন কৰি ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদী চৰকাৰক লক্ষ্য কৰি কিছু মন্তব্য কৰে

দিল্লীত বিৰতি লোৱাৰ পূৰ্বে লালকিল্লাত এক সমাৱেশক সম্বোধন কৰি ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদী চৰকাৰক লক্ষ্য কৰি কিছু মন্তব্য কৰে

দিল্লীত বিৰতি লোৱাৰ পূৰ্বে লালকিল্লাত এক সমাৱেশক সম্বোধন কৰি ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদী চৰকাৰক লক্ষ্য কৰি কিছু মন্তব্য কৰে

  • Share this:
ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা' শনিবাৰে ৰাজধানী দিল্লীত উপস্থিত হয়। দিল্লীত বিৰতি লোৱাৰ পূৰ্বে লালকিল্লাত এক সমাৱেশক সম্বোধন কৰি ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদী চৰকাৰক লক্ষ্য কৰি কিছু মন্তব্য কৰে। ৰাহুল গান্ধীয়ে লগতে কয় যে, যি সকলে কংগ্ৰেছৰ এই যাত্ৰাৰ সময়ত ৰাহুলে কেৱল টি–চাৰ্ট পৰিধান কৰাৰ বাবে তেওঁক ঠাণ্ডা লগা নাই নেকি বুলি প্ৰশ্ন কৰিছে, তেওঁলোকে এই কথা দৰিদ্ৰ আৰু শ্ৰমিকক সুধিছেনে বুলি প্ৰশ্ন কৰে। তেওঁ কয়, ‘‘যেতিয়া মই যাত্ৰাৰ সময়ত কেৱল টি-চাৰ্ট পিন্ধো, তেওঁলোকে মোক সুধিছিল, ‘আপোনাৰ ঠাণ্ডা অনুভৱ নহয় নেকি?’ তেওঁলোকে এইবোৰ কথা দৰিদ্ৰ আৰু শ্ৰমিকসকলক সুধিছে নে?’’

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে লগতে কয় যে, এই যাত্ৰা ভাৰতত প্ৰেম আৰু সদিচ্ছা বিয়পাবলৈ। ভাৰত জোড়ো যাত্ৰাই জনসাধাৰণৰ অপৰিসীম সমৰ্থন লাভ কৰিছে। এই দেশে প্ৰেমেৰে সৈতে একেলগে বাস কৰি আছে। তেওঁ কয় যে, এই যাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলক তেওঁলোকৰ জাতি বা ধৰ্মৰ বিষয়ে সোধা নহয়। আমি সকলোৱে একেলগে খোজ কাঢ়ি মানুহক ভালপোৱা আৰু মৰমৰ বাৰ্তা দিওঁ। ইয়াত কোনো ঘৃণা বা হিংসা নাই।

ইয়াৰোপৰি তেওঁ কয় যে বিজেপি আৰু আৰএছএছৰ লগতে সংবাদ মাধ্যমৰ লোকসকলেও ঘৃণা বিয়পাবলৈ কাম কৰে। টিভিত ২৪ ঘণ্টাই হিন্দু-মুছলমান হৈ আছে। এই দেশত উদ্যোগপতিসকলৰ চৰকাৰ আছে বুলিও তেওঁ কয়।

তেওঁ প্ৰশ্ন কৰে, ‘‘হিন্দু ধৰ্মত ক'ত লিখা আছে যে দৰিদ্ৰ আৰু দুৰ্বলসকলক মোহাৰি পেলাব লাগে? এই লোকসকলে সদায়ে ইজনে সিজনক যুঁজাবলৈ কাম কৰে।"

শেহতীয়া বাতৰি