মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Haunted Highway In India : দেশৰ কেইটামান ভয়ানক ৰাষ্ট্ৰীয় ঘাইপথ! নিশা হ’লে কি ঘটে এই ৰাজপথসমূহত? গাৰ নোম শিয়ৰি উঠা কাহিনী

Haunted Highway In India : দেশৰ কেইটামান ভয়ানক ৰাষ্ট্ৰীয় ঘাইপথ! নিশা হ’লে কি ঘটে এই ৰাজপথসমূহত? গাৰ নোম শিয়ৰি উঠা কাহিনী

News18 Assam | News18-Assam
Updated:September 19, 2021, 9:08 AM IST
Haunted Highway In India : দেশৰ কেইটামান ভয়ানক ৰাষ্ট্ৰীয় ঘাইপথ! নিশা হ’লে কি ঘটে এই ৰাজপথসমূহত? গাৰ নোম শিয়ৰি উঠা কাহিনী
এইকেইটা ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰিও দেশৰ আন বহু পথত এনে ধৰণৰ কাহিনী শুনিবলৈ পোৱা যায় যদিও সেই ঘটনাবোৰৰ বাস্তৱসন্মত কাৰণ এতিয়ালৈকে বিচাৰি পোৱা যোৱা নাই।

এইকেইটা ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰিও দেশৰ আন বহু পথত এনে ধৰণৰ কাহিনী শুনিবলৈ পোৱা যায় যদিও সেই ঘটনাবোৰৰ বাস্তৱসন্মত কাৰণ এতিয়ালৈকে বিচাৰি পোৱা যোৱা নাই।

  • News18 Assam
  • Last Updated: September 19, 2021, 9:08 AM IST
  • Share this:
ভূত অথবা প্ৰেতাত্মা সম্বন্ধে বহুতৰ মুখত বহু ধৰনৰ কথা শুনা যায়। আকৌ কিছু ক্ষেত্ৰত ভূতৰ নাম লৈ এচাম দুষ্ট চক্ৰই সেই ৰাজপথত চলাচল কৰা গাড়ী–মটৰৰ যাত্ৰী অথবা চালকক লুণ্ঠন কৰিবলৈ কিছু মনেসজা কাহিনী প্ৰচাৰ কৰাৰো দৃষ্টান্ত পোৱা যায়। বহুতে বিশ্বাস কৰে যে ভূত অথবা প্ৰেতাত্মাৰ পৃথিৱীত উপস্থিতি আছে, আন কিছুমানৰ বাবে এয়া সম্পূৰ্ণ মানসিক বিকাৰ অথবা চকুৰ ভ্ৰম।

ভাৰতৰ বহু ৰাষ্ট্ৰীয় ঘাইপথ অথবা পাহাৰীয়া অঞ্চলৰ পথক লৈ এনে ধৰণৰ ভূতৰ কাহিনী শুনা যায়। কেবল পাহাৰীয়া পথেই নহয় দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন পথক লৈ এনে ধৰণৰ বহু ঘটনাৰ বৰ্ণনা পোৱা যায়। দেশৰ কোন কোন পথত এনে ধৰণৰ ভূতৰ কাহিনী সকলোতকৈ বেছি চৰ্চাত আছে জানো আহক সেই পথসমূহৰ বিষয়ে।

এই তালিকাত প্ৰথমতে নাম আহে দিল্লী-জয়পুৰ ( Delhi-Jaipur Highway) ৰাষ্ট্ৰীয় ঘাইপথ। এই পথৰ ওপৰত থকা ভাংগড় ( Bhangarh Fort) দুৰ্গ অঞ্চলত শুনা যায় বিভিন্ন ভৰণৰ ভৌতিক কাহিনী। এই ঠাইডোখৰক দেশৰ ভিতৰতে আটাইতকৈ ভয়ানক বুলি জনা যায়।ইয়াতেই ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰত নানা ধৰণৰ শিহৰণকাৰী ভৌতিক কাহিনীৰ বৰ্ণনা পোৱা যায় যদিও ইয়াৰ বাস্তৱসন্মত কোনো তথ্য প্ৰমাণ পোৱা যোৱা নাই।

দ্বিতীয় স্থানত আছে ইষ্ট কোষ্ট ৰোড, চেন্নাই-পুডুচেৰী ( 2- Lane East Coast Road, Chennai-Pondicherry)। চেন্নাই-পুডুচেৰী ৰোডত বহু দুৰ্ঘটনা সংঘটিত হৈছে আৰু সেই দুৰ্ঘটনাৰ কাৰণ ভূতৰ বাবেই হৈছে বুলি বহুতেই কয়। উক্ত পথত দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ চালকৰ মতে বগা শাৰী পিন্ধা এগৰাকী মহিলাক দেখা যায়।

ইয়াৰ পিছত আছে এন এইচ ২০৯। তামিলনাডুৰ ( NH 209, Tamil Nadu ) এই পথতেই  কুখ্যাত বীৰাপ্পনে ( Veerappan) হত্যা, অপহৰণ, স্মাগলিং আদি চলাইছিল। এই পথটো সত্য মংগলম বন্যপ্ৰাণী অভয়াৰণ্যৰ ( Sathyamangalam Wildlife Sanctuary) কাষেদি গৈছে।এই পথছোৱাৰ ওপৰত নানা ধৰনৰ ভৌতিক কাহিনীৰ কথা বহুতৰ মুখত শুনা যায়। স্থানীয় লোকবিশ্বাস মতে বীৰাপ্পনৰ মৃত্যুৰ পিছত তেওঁৰ আত্মাই এই পথচোৱাৰ ওপৰত বিভিন্ন ভৌতিক কাহিনী সংঘটিত কৰে।

খুনী নালা, জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপথ ( Khooni Nala, Jammu-Srinagar Highway)। এই পথৰ ওপৰত নানা ধৰনৰ দুৰ্ঘটনা হোৱাৰ ফলত ইয়াৰ নাম খুনী নালা হৈছে। কথিত আছে যে উক্ত ঠাইত এগৰাকী মহিলাই আত্মহত্যা কৰিছিল আৰু সেই মহিলাৰ প্ৰেতাত্মাই পথত চলাচল কৰে আৰু সেই দৃশ্য দেখি চালকসকলে অন্যমনস্ক হোৱাত পথ দুৰ্ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে এইকেইটা ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰিও দেশৰ আন বহু পথত এনে ধৰণৰ কাহিনী শুনিবলৈ পোৱা যায় যদিও সেই ঘটনাবোৰৰ বাস্তৱসন্মত কাৰণ এতিয়ালৈকে বিচাৰি পোৱা যোৱা নাই।
Published by: Sanjay Kumar Das
First published: September 19, 2021, 9:05 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি