Hathras gang rape: নিশা ২.৩০ বজাত নিৰ্যাতিতা কিশোৰীক আৰক্ষীয়ে গোপনে কৰিলে অন্তিম সত্‍কাৰ, পৰিয়ালক দিয়া নহ’ল খবৰ

News18 Assam | News18-Assam
Updated:September 30, 2020, 5:07 PM IST
Hathras gang rape: নিশা ২.৩০ বজাত নিৰ্যাতিতা কিশোৰীক আৰক্ষীয়ে গোপনে কৰিলে অন্তিম সত্‍কাৰ, পৰিয়ালক দিয়া নহ’ল খবৰ
মৃত কিশোৰীগৰাকীৰ পিতৃ আৰু ভাতৃয়ে আৰক্ষীয়ে কৰা এনে কাৰ্যক বিৰোধ কৰি ধৰ্ণাত বহিছে।

মৃত কিশোৰীগৰাকীৰ পিতৃ আৰু ভাতৃয়ে আৰক্ষীয়ে কৰা এনে কাৰ্যক বিৰোধ কৰি ধৰ্ণাত বহিছে।

  • News18 Assam
  • Last Updated: September 30, 2020, 5:07 PM IST
  • Share this:
দলবদ্ধ ধৰ্ষণৰ বলি হৈ মৃত্যুক আঁকোৱালি লোৱা দলিত সম্প্ৰদায়ৰ কিশোৰীগৰাকীক নিশা ২.৩০ বজাত গোপনে অন্তিম সত্‍কাৰ কৰিলে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। আনকি আৰক্ষীয়ে খবৰ নিদিলে নিৰ্যাতিতা যুৱতীগৰাকী পৰিয়ালৰ লোককো।

উল্লেখযোগ্য যে, ১৪ ছেপ্তেম্বৰৰ দিনা ১৯ বছৰীয়া এগৰকী কিশোৰীক চাৰিটা পাষণ্ডই দলবদ্ধ ধৰ্ষণ কৰে। পিছত কিশোৰীগৰাকীক সংকটজনক অৱস্থাত দিল্লীৰ ছফদৰজংগ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু মঙলবাৰে কিশোৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। কিন্তু কিশোৰীগৰাকীৰ মৃত্যুৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে পৰিয়ালক খবৰ নিদিয়াকৈয়ে নিশা প্ৰায় ২.৩০ বজাত অন্তিম সত্‍কাৰ কৰে।

এই সন্দৰ্ভত এগৰাকী স্থানীয় আৰক্ষী বিষয়াই কিশোৰীগৰাকীৰ ঘৰৰ অনুমতি সাপেক্ষেহে নিশা অন্তিম সত্‍কাৰ কৰা হয় বুলি জনায়। কিন্তু আৰক্ষীৰ এই দাবীক নস্যাত্‍ কৰিছে কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে।

ঘটনাক কেন্দ্ৰ কৰি এতিয়া উত্তৰ প্ৰদেশত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ। সকলোৱে এতিয়া দুৰ্ভগীয়া কিশোৰীৰগৰাকীৰ ন্যায় দাবী কৰিছে। ইফালে কিশোৰীগৰাকীৰ পৰিয়ালে দাবী কৰিছে যে, আৰক্ষীৰ বাধা দিয়াৰ পিছতো দিল্লীৰ ছফদৰজংগ হাস্পতাললৈ গৈছিল তেওঁলোক। কিন্তু সেই সময়ত মৃতদেহ লৈ গৈছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে।
Published by: Himangshu Bhuyan
First published: September 30, 2020, 3:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading