‘মিডিয়া আঁতৰি যাব, কিন্তু থাকিম আমি’- হাথৰছৰ নিৰ্যাতিতা যুৱতীৰ পৰিয়ালক ভাবুকি জিলা শাসকৰ

News18 Assam | News18-Assam
Updated:October 2, 2020, 3:36 PM IST
‘মিডিয়া আঁতৰি যাব, কিন্তু থাকিম আমি’- হাথৰছৰ নিৰ্যাতিতা যুৱতীৰ পৰিয়ালক ভাবুকি জিলা শাসকৰ
নিৰ্যাতিতা পৰিয়ালৰ অভিযোগ, হাথৰছ জিলা প্ৰশাসনে তেওঁলোকক সকীয়নি প্ৰদান কৰিছে।

নিৰ্যাতিতা পৰিয়ালৰ অভিযোগ, হাথৰছ জিলা প্ৰশাসনে তেওঁলোকক সকীয়নি প্ৰদান কৰিছে।

  • Share this:
হাথৰছৰ গণধৰ্ষণ কাণ্ডত প্ৰথমৰ পৰা আৰক্ষীৰ ভুমিকাক লৈ একাধিক প্ৰশ্ন উত্থাপন হৈছে। উত্তৰ প্ৰদেশ আৰক্ষীৰ এডিজিয়ে দাবী কৰিছে যে, নিৰ্যাতিতা যুৱতীগৰাকীক ধৰ্ষণ কৰা হোৱা নাই। এইবাৰ খোদ হাথৰছৰ জিলা প্ৰশাসনৰ বিৰুদ্ধেই পৰিয়ালৰ লোকে ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত কৰিছে। ইতিমধ্যে ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ’।ভিডিঅ’ আনকি কংগ্ৰেছ নেতা ৰণদীপ সিং সূৰ্যৱালায়ো নিজৰ টুইটাৰৰ জৰিয়তে শ্বেয়াৰ কৰিছে।

নিৰ্যাতিতা পৰিয়ালৰ অভিযোগ, হাথৰছ জিলা প্ৰশাসনে তেওঁলোকক ভাবুকি দিছে। প্ৰশ্ন কৰিছে যে, `কিয় বাৰে বাৰে পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত বিভিন্নধৰণৰ মন্তব্য কৰিছে?’




ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে, নিৰ্যাতিতা যুৱতীগৰাকীৰ পৰিয়ালক উদ্দেশ্যি জিলা শাসক প্ৰবীণ লস্কৰে কৈছে যে, আধা সংখ্যক সংবাদ মাধ্যম আজি উভতি গৈছে। বাকীবোৰ কাইলৈ উভতি যাব। একমাত্ৰ আমিহে সদায় আপোনালোকৰ লগত থাকিম। গতিকে আপোনালোকেই ঠিক কৰক, আপোনালোকে বাৰে বাৰে নিজৰ মন্তব্য সলনি নকৰিব।’- এই ভিডিঅ’টো শ্বেয়াৰ কৰে কংগ্ৰেছ নেতা ৰণদীপ সূৰ্যৱালাই।

যদিও এই অভিযোগ উত্থাপিত হৈছে, তথাপিও এই সমস্ত অভিযোগ খণ্ডন কৰিছে জিলা শাসকজনে। তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে যে, দোষীৰ যাতে ফাঁচি হয়, সেয়াই এতিয়া নিশ্চিত কৰিবলৈ চেষ্টা চলাই থকা হৈছে। নিৰ্যাতিতাৰ পৰিয়ালৰ মনৰ পৰা ভয় নাইকীয়া কৰিবলৈ তেওঁলোকে তেনেদৰে কথা কৈছিল। ’
Published by: Himangshu Bhuyan
First published: October 2, 2020, 3:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading