உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Hasnuram Ambedkari: কেৱল পৰাজয়ৰ বাবে খেলে নিৰ্বাচন! ৯৩ বাৰ হাৰিও পুনৰ নিৰ্বাচন খেলিব এইজন ব্যক্তিয়ে

    Hasnuram Ambedkari: কেৱল পৰাজয়ৰ বাবে খেলে নিৰ্বাচন! ৯৩ বাৰ হাৰিও পুনৰ নিৰ্বাচন খেলিব এইজন ব্যক্তিয়ে

    ১৯৪৭ চনৰ ১৫ আগষ্টত জন্মগ্ৰহণ কৰা ৭৫ বছৰীয়া হাছনুৰামে ৰাজহ বিভাগত চাকৰি কৰিছিল। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে চৰকাৰী চাকৰিও ত্যাগ কৰিছিল।

    ১৯৪৭ চনৰ ১৫ আগষ্টত জন্মগ্ৰহণ কৰা ৭৫ বছৰীয়া হাছনুৰামে ৰাজহ বিভাগত চাকৰি কৰিছিল। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে চৰকাৰী চাকৰিও ত্যাগ কৰিছিল।

    ১৯৪৭ চনৰ ১৫ আগষ্টত জন্মগ্ৰহণ কৰা ৭৫ বছৰীয়া হাছনুৰামে ৰাজহ বিভাগত চাকৰি কৰিছিল। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে চৰকাৰী চাকৰিও ত্যাগ কৰিছিল।

    • Share this:


    কেৱল হাৰিবলৈয়ে যেন নিৰ্বাচনত অৱতীৰ্ণ হয় তেওঁ। লোকজনৰ নাম হাছনুৰাম আম্বেদকাৰী। আগ্ৰাৰ বাসিন্দা এইজন লোকে পঞ্চায়তৰ পৰা ৰাষ্ট্ৰপতি পদলৈ অৱতীৰ্ণ হৈছে নিৰ্বাচনত। ইতিমধ্যে ৯৩ বাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে হাছনুৰামে। এইবাৰ ৯৪ বাৰৰ বাবে খেলিব নিৰ্বাচন।

    ১৯৮৪–৮৫ চনত হাছনুৰামে বামছেফৰ কৰ্মী আছিল আৰু তেওঁ বিএছপিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে টিকট বিচাৰিছিল। কিন্তু সেই সময়ত তেওঁক দলীয় কৰ্মীয়ে ঠাট্টা–মস্কৰা কৰিছিল। হাছনুৰামক কটাক্ষ কৰি কৈছিল যে তেওঁক কোনেও ভোট নিদিয়ে। আনকি তেওঁৰ পত্নীয়েও নিদিয়ে। এই কথাৰ বাবেই তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে সিদ্ধান্ত লয়। এতিয়ালৈ তেওঁ মুঠ ৯৩ বাৰ বিভিন্ন নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। এইবাৰ ৯৪ বাৰ প্ৰতিদ্বন্দ্বিতা কৰিব।

    ১৯৪৭ চনৰ ১৫ আগষ্টত জন্মগ্ৰহণ কৰা ৭৫ বছৰীয়া হাছনুৰামে ৰাজহ বিভাগত চাকৰি কৰিছিল। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে চৰকাৰী চাকৰিও ত্যাগ কৰিছিল। তেওঁ ফতেহপুৰ ষিক্ৰি বিধানসভা আসনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰথমবাৰ নিৰ্বাচন খেলিছিল আৰু ১৭৭১১টা ভোট লাভ কৰি তৃতীয় স্থান দখল কৰিছিল। ইয়াৰ পিছৰে পৰা তেওঁ ধাৰাবাহিকভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছে।

    আটাইতকৈ বেছি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ৰেকৰ্ড কৰিব বিচাৰে হাছনুৰামে। ৯৪বাৰ নিৰ্বাচন খেলিবলৈ ফৰ্মো পূৰণ কৰিছে তেওঁ। ২০২২ চনৰ বিধানসভা নিৰ্বাচনত ৯৪ বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁ। হাছনুৰামে কয় তেওঁ জিকাৰ বাবে নহয়, হাৰাৰ বাবেই নিৰ্বাচন খেলে। ১০০ নিৰ্বাচনত পৰাজয়ৰ অভিলেখ সৃষ্টি কৰিব বিচাৰে হাছনুৰামে।

    Published by:Sanjay Kumar Das
    First published: