বিজেপিত যোগদান স্বপ্না চৌধুৰীৰ, সদস্যভৰ্তি অভিযানৰ প্ৰথমগৰাকী সদস্য স্বপ্না

দিল্লীৰ জৱাহৰ লাল নেহৰু ষ্টেডিয়ামত বিজেপিৰ সদস্যভৰ্তি অভিযানৰ অনুষ্ঠানত শিৱৰাজ সিং, বিজেপি মহাসচিব ৰামলালা আৰু মনোজ তিৱাৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰিলে স্বপ্না চৌধুৰীয়ে।

News18-Assam
Updated:July 7, 2019, 12:51 PM IST
বিজেপিত যোগদান স্বপ্না চৌধুৰীৰ, সদস্যভৰ্তি অভিযানৰ প্ৰথমগৰাকী সদস্য স্বপ্না
দিল্লীৰ জৱাহৰ লাল নেহৰু ষ্টেডিয়ামত বিজেপিৰ সদস্যভৰ্তি অভিযানৰ অনুষ্ঠানত শিৱৰাজ সিং, বিজেপি মহাসচিব ৰামলালা আৰু মনোজ তিৱাৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰিলে স্বপ্না চৌধুৰীয়ে।
News18-Assam
Updated: July 7, 2019, 12:51 PM IST
দিল্লী বিজেপিৰ সদস্যভৰ্তি অভিযানত দে‍ওবাৰে জনপ্ৰিয় নৃত্যশিল্পী স্বপ্না চৌধুৰী প্ৰথম সদস্যতা লাভ কৰিলে। দিল্লীৰ জৱাহৰ লাল নেহৰু ষ্টেডিয়ামত বিজেপিৰ সদস্যভৰ্তি অভিযানৰ অনুষ্ঠানত শিৱৰাজ সিং, বিজেপি মহাসচিব ৰামলালা আৰু মনোজ তিৱাৰীৰ উপস্থিতিত বিজেপিত অংশগ্ৰহণ কৰিলে স্বপ্না চৌধুৰীয়ে। বিজেপিয়ে সমগ্ৰ দেশত চলাই আছে সদস্যভৰ্তি অভিযান।

লোকসভা নিৰ্বাচনৰ পূৰ্বে স্বপ্না চৌধুৰীয়ে প্ৰিয়ংকা গান্ধীৰ সৈতে তোলা ফটো ভাইৰেল হৈ পৰিছে। কংগ্ৰেছ দলে স্বপ্না চৌধুৰী তেওঁলোকৰ দলত অংশ লোৱাৰ অনুমোদন জনাইছিল যদিও স্বপ্না চৌধুৰী নহ’ল মান্তি।

 




স্বপ্না চৌধুৰীয়ে কৈছিল যে তেওঁ শিল্পী হয় যাৰ বাবে নিৰ্বাচন খেলাৰ কোনো ইচ্ছা নাই। প্ৰিয়ংকা গান্ধীৰ সৈতে থকা ফটো সন্দৰ্ভত স্বপ্নাই কৈছিল যে মই প্ৰিয়ংকাক সাক্ষাৎ কৰিছিলো কিন্তু ফটোখন পুৰণি হয়। লগতে তেওঁ কৈছিল যে তেওঁ মনোজ তিৱাৰীৰ সৈতে সংস্পৰ্শত আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি