এই দুৰ্ঘটনাত আন কেইবাজনো লোক আহত হয়। আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
এই দুৰ্ঘটনাত আন কেইবাজনো লোক আহত হয়। আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
হাৰিয়ানাৰ জিন্দ জিলাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত এটা পৰিয়ালৰে ৬জন লোকৰ মৃত্যু হয়। মৃত লোককেইজন হৰিদ্বাৰৰ পৰা উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনাটো। পৰিয়ালৰ কোনো সদস্যৰ মৃত্যুৰ পিছত অস্থি বিসৰ্জন কৰি ঘৰলৈ উভতিছিল পৰিয়ালটোৰ লোকসকল। উভতি অহাৰ সময়তে তেওঁলোক অহা পিকআপ গাড়ীখনৰ এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়। মৃত আটাইকেইজন হিছাৰৰ নাৰনৌন্দৰ বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত আন কেইবাজনো লোক আহত হয়। আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
হিছাৰ জিলাৰ নাৰনৌন্দ গাঁৱৰ এই পৰিয়ালটোৰ ২৩জন লোক হৰিদ্বাৰত অস্থি বিসৰ্জন কৰিবলৈ গৈছিল। মঙলবাৰে পুৱা তেওঁলোকে এখন পিকআপ গাড়ীৰে ঘৰলৈ উভতিছিল। উভতি অহাৰ পথতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। যাৰ ফলত ৬জন লোকৰ মৃত্যু হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|