প্ৰথমে অপহৰণ কৰি কৰিলে ধৰ্ষন,পিছত হত্যা কৰি ৰেলৱে লাইনত পেলালে মৃতদেহ!

সমগ্ৰ দেশ জোকাৰি যোৱা এক জঘন্য ঘটনা।


Updated:June 6, 2019, 10:48 PM IST
প্ৰথমে অপহৰণ কৰি কৰিলে ধৰ্ষন,পিছত হত্যা কৰি ৰেলৱে লাইনত পেলালে মৃতদেহ!
সমগ্ৰ দেশ জোকাৰি যোৱা এক জঘন্য ঘটনা।

Updated: June 6, 2019, 10:48 PM IST
হাৰিয়ানাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যা কাণ্ড। ২ জুনত পলৱল–আসাৱতীৰৰ ৰেল লাইনত উদ্ধাৰ হৈছিল এগৰাকী অচিনাকী যুৱতীৰ মৃতদেহ। পিছত ৰেলৱে’ আৰক্ষীৰ অনুসন্ধানত এতিয়া চিনাক্ত কৰা হৈছে যুৱতী গৰাকীৰ মৃতদেহ। মৃত যুৱতী গৰকীৰ পিতৃয়ে ঘটনা সন্দৰ্ভত এতিয়া নিজ  গাৱৰে দুগৰাকী যুৱকক সন্দেহ কৰি আৰক্ষীলৈ প্ৰেৰণ কৰিছে পত্ৰ। প্ৰথমে যুৱতীগৰাকীক নিজ গৃহৰ পৰা অপহৰণ কৰি যুৱক দ্বয়ে ধৰ্ষন কৰে আৰু পিছত ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ হত্যা কৰি ৰেল লাইনত পেলাই দিয়ে।

মৃত যুৱতী গৰকীৰ পিতৃৰ অভিযোগ মতে যি দুজন যুৱকে যুৱতীগৰকীক হত্যা কৰিছিল সিহতেও পিছত পৰিয়াললৈ ফোন কৰি মৃতদেহ ৰেল লাইনত পৰি থকাৰ খবৰ দিয়ে।ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।
আৰু চাওক পৰৱৰ্তী বাতৰি