খুৰাকে উলিয়াই দিছিল দলৰ পৰা, পিতৃ আছে জে’লত, হাৰিয়ানাৰ কিংমেকাৰ দুষ্যন্ত চৌতালাৰ চমকপ্ৰদ উত্থান

দুষ্যন্ত চৌতালাক নিজৰ হাতলৈ আনিবলৈ দিল্লীত ধৰফৰাইছে কংগ্ৰেছ আৰু বিজেপিৰ বিয়াগোম ৰাজনৈতিক নেতৃত্ব।

Sanjay Kumar Das | News18-Assam
Updated:October 24, 2019, 1:40 PM IST
খুৰাকে উলিয়াই দিছিল দলৰ পৰা, পিতৃ আছে জে’লত, হাৰিয়ানাৰ কিংমেকাৰ দুষ্যন্ত চৌতালাৰ চমকপ্ৰদ উত্থান
দুষ্যন্ত চৌতালাক নিজৰ হাতলৈ আনিবলৈ দিল্লীত ধৰফৰাইছে কংগ্ৰেছ আৰু বিজেপিৰ বিয়াগোম ৰাজনৈতিক নেতৃত্ব।
Sanjay Kumar Das | News18-Assam
Updated: October 24, 2019, 1:40 PM IST
EXIT POLLৰ সকলো ভৱিষ্যদ্বাণী নস্যাৎ কৰি হাৰিয়ানাত গাদীচ্যুত হোৱাৰ দিশে মনোহৰ লাল খট্টৰ চৰকাৰ। নিৰ্বাচনী ফলাফলত হাৰিয়ানাত ওলমা বিধানসভাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বিজেপি আৰু কংগ্ৰেছ উভয়ে প্ৰায় সমপৰ্যায়ৰ আসন লাভ কৰাৰ ফলত কিংমেকাৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে নতুনকৈ গঠন হোৱা জননায়ক জনতা পাৰ্টী নামৰ এটা সৰু ৰাজনৈতিক দল। দলটোৰ নেতা দুষ্যন্ত চৌতালা হঠাৎ হৈ পৰিছে হাৰিয়ানাৰ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক ফেক্টৰ।

দুষ্যন্ত চৌতালাক নিজৰ হাতলৈ আনিবলৈ দিল্লীত ধৰফৰাইছে কংগ্ৰেছ আৰু বিজেপিৰ বিয়াগোম ৰাজনৈতিক নেতৃত্ব। কংগ্ৰেছে দুষ্যন্ত চৌতালাক আগবঢ়াইছে হাৰিয়ানাৰ উপ–মুখ্যমন্ত্ৰীৰ আসন। পিছে নিজৰ কদৰ এই মুহূৰ্তত ভালকৈয়ে বুজি উঠা দুষ্যন্ত চৌতালাই কংগ্ৰেছৰ সন্মুখত ৰাখিছে পোনে পোনে মুখ্যমন্ত্ৰিত্বৰ দাবী।



‘মানুহে আমাক শিশুৰ দল বুলি কৈছিল’
মনোহৰ লাল খট্টৰৰ দৰে এজন প্ৰাক্তন প্ৰবীণ আৰ এছ এছ নেতাৰ নেতৃত্বত গঠন হোৱা হাৰিয়ানা চৰকাৰে এইবাৰ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাক লৈ অতি আত্মবিশ্বাসী আছিল। পিছে ৰাহুল গান্ধীয়ে নেতৃত্বৰ পৰা পদত্যাগ কৰাৰ পিছত ছোনিয়া গান্ধীয়ে দলৰ বাঘজৰী পুনৰ নিজৰ হাতলৈ আনি কংগ্ৰেছক ৰাজ্যখনত আকৌ এবাৰ প্ৰাসংগিক কৰি তুলিলে।

এই সুযোগতে উত্থানৰ বাট সূচল হ’ল কেলিফৰ্ণিয়াৰ পৰা উচ্চশিক্ষা গ্ৰহণ কৰা যুৱনেতা দুষ্যন্ত চৌতালাৰ। অভিজ্ঞ ৰাজনেতাই হেয় জ্ঞান কৰা যুৱনেতা এই মুহূৰ্তত হাৰিয়ানাৰ আটাইতকৈ কাংক্ষিত ৰাজনৈতিক নেতা। দলৰ উন্নত প্ৰদৰ্শনত দুষ্যন্ত চৌতালাৰ ভাষাৰে ‘মই ৰাইজক আমাৰ পক্ষত ভোট দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। এজনো মন্ত্ৰী জয়ী হোৱা নাই। যিসকলে আমাক শিশুৰ দল বুলি হাঁহিছিল, তেওঁলোক আজি পৰাজিত হৈছে।’



দুষ্যন্ত চৌতালাৰ অংক একেবাৰে চাফা – কংগ্ৰেছ আৰু বিজেপি কোনো এটা দলেই ৪৬খন আসন লাভ কৰি যিহেতু সংখ্যাগৰিষ্ঠতা লাভ নকৰে, গতিকে জননায়ক জনতা পাৰ্টীয়ে ল’ব লাগিব সহযোগী দলৰ ভূমিকা। ইতিমধ্যে কংগ্ৰেছৰ নেতৃত্বৰ পিছতে বিজেপিয়ে দুষ্যন্ত সিং চৌতালাক নিজৰ পক্ষলৈ আনিবলৈ দায়িত্ব অৰ্পণ কৰিছে প্ৰকাশ সিং বাদলক। বাদল পৰিয়াল আৰু চৌতালা পৰিয়াল ভাল সম্পৰ্কত থকা কাৰণেই প্ৰকাশ সিং বাদলক দিয়া হৈছে এই দায়িত্ব।



২০১৮ চনৰ ডিচেম্বৰ মাহত দুজন ভাতৃয়ে আৰম্ভ কৰা ৰাজনৈতিক দল জননায়ক জনতা পাৰ্টী আৰু নেতা দুষ্যন্ত চৌতালাৰ নেতৃত্বৰ কাৰণে আঞ্চলিক দলটোৰ কাষত আঁঠু কাঢ়িবলৈ বাধ্য হৈছে দুটাকৈ বিয়াগোম ৰাজনৈতিক দল।



উল্লেখযোগ্য ৰাজনৈতিক দল INLDৰ দখলক লৈ অজয় আৰু অভয় চৌতালাৰ মাজত বিবাদৰ পিছতে মাত্ৰ কেইটামান মাহ পূৰ্বে অজয় চৌতালাৰ দুই পুত্ৰ দুষ্যন্ত আৰু দিগ্বিজয়ে জন্ম দিছিল জননায়ক জনতা পাৰ্টীৰ। আজিৰ তাৰিখত INLDয়ে নিৰ্বাচনত কৰা প্ৰদৰ্শন আৰু JJPৰ প্ৰদৰ্শনৰ তফাৎ ৰাইজে দেখিছে। লক্ষণীয় যে দুষ্যন্ত চৌতালা হৈছে প্ৰাক্তন উপ–প্ৰধানমন্ত্ৰী তথা কৃষক নেতা দেৱী লালৰ আজোনাতি।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি