• Home
  • »
  • News
  • »
  • nation
  • »
  • Accident in Haryana: ভয়ংকৰ দুৰ্ঘটনা! প্ৰাণ গ’ল এটা পৰিয়ালৰে ৮জন লোকৰ

Accident in Haryana: ভয়ংকৰ দুৰ্ঘটনা! প্ৰাণ গ’ল এটা পৰিয়ালৰে ৮জন লোকৰ

দুৰ্ঘটনাৰ পিছতে ট্ৰাকখনৰ চালকজনে পলায়ন কৰে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। মৃত লোকসকলৰ নাম জানিব পৰা হোৱা নাই।

  • Share this:
হাৰিয়ানাৰ ঝজ্জৰ জিলাৰ বাহাদুৰগড়ত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৮জন লোকৰ মৃত্যু হয়। এটি শিশু আহত হয় দুৰ্ঘটনাত। মৃত লোকসকলৰ ভিতৰত আছে এটি শিশু আৰু তিনিগৰাকী মহিলা।

জানিব পৰা মতে, বাহাদুৰগড়ৰ বাদলী আৰু ফাৰুখনগৰৰ মাজত কেএমপি এক্সপ্ৰেছৱে’ হাইৱে’ত এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়। এখন আৰ্টিগা গাড়ীৰে গুড়গাঁৱলৈ গৈ আছিল লোকসকল। সেই সময়তে দ্ৰুতবেগত অহা এখন ট্ৰাকে আর্টিগাখনৰ পিছফালে খুন্দা মাৰে। ফলত ঘটনাস্থলীতে আৰ্টিগাখনত থকা ৮জনৰ মৃত্যু হয়।

দুৰ্ঘটনাৰ পিছতে ট্ৰাকখনৰ চালকজনে পলায়ন কৰে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। মৃত লোকসকলৰ নাম জানিব পৰা হোৱা নাই। আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰিছে।

আৰক্ষীয়ে কয়, এই দুৰ্ঘটনাত ৮জনৰ মৃত্যু হৈছে। পলাতক ট্ৰাক চালকজনক বিচাৰি অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। আহত শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
Published by:Sanjay Kumar Das
First published: