• Home
  • »
  • News
  • »
  • nation
  • »
  • চৰকাৰী বিষয়াক উধাই মুধাই চেণ্ডেলৰ চৰ টিকটক ষ্টাৰ তথা বিজেপি নেত্ৰী সোণালী ফোগাটৰ, চাওক VIDEO

চৰকাৰী বিষয়াক উধাই মুধাই চেণ্ডেলৰ চৰ টিকটক ষ্টাৰ তথা বিজেপি নেত্ৰী সোণালী ফোগাটৰ, চাওক VIDEO

এই চৰ কাণ্ডৰ পিছত সোণালী ফোগটৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। মুখ্যমন্ত্ৰী খট্টৰে প্ৰতিবেদন বিচাৰিলে। 

এই চৰ কাণ্ডৰ পিছত সোণালী ফোগটৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। মুখ্যমন্ত্ৰী খট্টৰে প্ৰতিবেদন বিচাৰিলে। 

এই চৰ কাণ্ডৰ পিছত সোণালী ফোগটৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। মুখ্যমন্ত্ৰী খট্টৰে প্ৰতিবেদন বিচাৰিলে। 

  • Share this:
হাৰিয়ানাৰ হিসাৰত টিকটক ষ্টাৰ তথা বিজেপি নেত্ৰী সোণালী ফোগটে এজন চৰকাৰী বিষয়াক চেণ্ডেলৰে উধাই–মুধাই সকলোৰে আগত কোবোৱাৰ পিছত এতিয়া ৰাজ্যৰ ৰাজনীতি তোলপাৰ হৈ পৰিছে। কংগ্ৰেছে এই সমগ্ৰ ঘটনাক লৈ ৰাজ্যৰ খট্টৰ চৰকাৰক লক্ষ্য কৰি লৈছে। এই বিতৰ্কৰ পিছতে মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিলা বিষয়াসকলৰ পৰা প্ৰতিবেদন বিচাৰিছে।



দৰাচলতে সোণালী ফোগটে হাৰিয়ানাৰ হিসাৰৰ বালসমন্দৰ পাচলি বজাৰত মাৰ্কেট কমিটিৰ চেক্ৰেটাৰী সুলতান সিঙক চৰ আৰু চেণ্ডেলৰ মাৰ শোধাইছিল। সোণালী ফোগটে যধে মধে বিষয়াজনক চৰ শোধাই থকাৰ ভিডিও ইতিমধ্যে চৰ্চিত হৈ পৰিছে। বিবাদ বৃদ্ধি পোৱাৰ সোণালী ফোগটে স্পষ্টীকৰণ দি কৈছে যে তেওঁ  নিজৰ এলেকা আদমপুৰৰ কৃষকৰ সমস্যা লৈ পাচলি বজাৰলৈ গৈছিল। মাৰ্কেট কমিটিৰ চেক্ৰেটাৰীক তেওঁ মাতি পঠিয়াইছিল আৰু তেওঁক সকলো তথ্য প্ৰদান কৰিছিল যে কৃষকে শস্য বিক্ৰীৰ ক্ষেত্ৰত কি সমস্যাৰ সন্মুখীন হৈছিল।

সোণালী ফোগাটৰ বিৰুদ্ধে গোচৰ ৰুজু

মাৰ্কেট কমিটিৰ ছেক্ৰেটাৰী সুলতান সিঙৰ অভিযোগৰ ভিত্তিত সোণালী ফোগাট তথা তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৪৭,১৪৯,৩৩২,৩৫৩,১৮৬ তথা ৫০৬ৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে। একেসময়তে সোণালী ফোগাটে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৪ আৰু ৫০৯ ধাৰাৰ অধীনত সুলতান সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

সোণালী ফোগাটৰ মতে সুলতান সিঙে তেওঁক বেয়া ব্যৱহাৰ কৰাৰ কাৰণে তেওঁ এই পদক্ষেপ ল’বলৈ বাধ্য হয়।
First published: