জল্পনা–কল্পনাৰ অন্ত পৰিল, হাৰিয়ানাত চৰকাৰ গঠন কৰিব বিজেপি–জেজেপিয়ে

মুখ্যমন্ত্ৰী হ’ব বিজেপিৰ পৰা, জেজেপিৰ পৰা হ’ব উপ–মুখ্যমন্ত্ৰী

News18-Assam
Updated:October 25, 2019, 10:34 PM IST
জল্পনা–কল্পনাৰ অন্ত পৰিল, হাৰিয়ানাত চৰকাৰ গঠন কৰিব বিজেপি–জেজেপিয়ে
Source-Google
News18-Assam
Updated: October 25, 2019, 10:34 PM IST
অৱশেষত সকলো জল্পনা–কল্পনাৰ অন্ত পৰিল। বিজেপিৰ নেতৃত্বতে হ’ব হাৰিয়ানাত চৰকাৰ। জেজেপিৰ সৈতে মিলি ৰাজ্যখনত চৰকাৰ গঠন কৰিব বিজেপিয়ে। গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰেছ কনফাৰেন্সৰ জৰিয়তে স্পষ্ট কৰিলে এই কথা। মুখ্যমন্ত্ৰী বিজেপি দলৰ পৰা হোৱাৰ বিপৰীতে জেজেপিলৈ যাচিলে উপ–মুখ্যমন্ত্ৰীৰ পদ। লগতে জেজেপি দলৰ ফালৰ পৰা দুগৰাকীক কেবিনেট মন্ত্ৰী আৰু এগৰাকীক ৰাজ্যিক মন্ত্ৰীত্বৰ পদ দিয়া  হ’ব বুলি জনাইছে বিজেপিয়ে। ফলত মনোহৰ লাল খট্টৰ আকৌ এবাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিল। হাৰিয়ানাত  কিংমেকাৰ ভুমিকাত অৱতীৰ্ণ হোৱা  জেজেপিৰ নেতা দুষ্যন্ত চৌতালা উপ মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত।
আৰু চাওক পৰৱৰ্তী বাতৰি