
কেবিনেট মন্ত্ৰী হৰচিমৰত কৌৰ বাদলে প্ৰধানমন্ত্ৰী মোদীৰ কেবিনেটৰ পৰা পদত্যাগ কৰিলে। কৌৰে কৃষকৰ লগত জড়িত অধ্যাদেশ আৰু আইনৰ বিৰোধ কৰি পদত্যাগ কৰে।
কেবিনেট মন্ত্ৰী হৰচিমৰত কৌৰ বাদলে প্ৰধানমন্ত্ৰী মোদীৰ কেবিনেটৰ পৰা পদত্যাগ কৰিলে। কৌৰে কৃষকৰ লগত জড়িত অধ্যাদেশ আৰু আইনৰ বিৰোধ কৰি পদত্যাগ কৰে।
শিৰোমণি আকালী দলৰ নেত্ৰী তথা খাদ্য প্ৰস্তুতকৰণ বিভাগৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হৰচিমৰত কৌৰ বাদলে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। হৰচিমত কৌৰ বাদলে টুইটাৰৰ জৰিয়তে নিজৰ পদত্যাগৰ কথা জনায়। হৰচিমত কৌৰে সংসদত উত্থাপন কৰা কৃষিৰ লগত জড়িত দুখন বিধেয়কৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে।
কৌৰে লিখিছে যে, মই কৃষক বিৰোধী অধ্যাদেশ আৰু আইনৰ বিৰোধিতাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিলো। মই গৰ্বিত যে, মই কৃষকৰ সৈতে তেওঁলোকৰ জী আৰু ভগ্নীৰ দৰে থিয় হৈ আছো।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|