২০৩০ চনলৈ ভাৰতৰ ৪০ শতাংশ লোক খোৱাপানীৰ সমস্যাত ভুগিব! সময় থাকোতেই সজাগ হওক

News18-Assam
Updated:August 27, 2019, 11:51 AM IST
২০৩০ চনলৈ ভাৰতৰ ৪০ শতাংশ লোক খোৱাপানীৰ সমস্যাত ভুগিব! সময় থাকোতেই সজাগ হওক
এই অভিযানৰ অংশ হৈ আপুনিও নিজকে জলৰক্ষক হিচাপে পৰিচয় দিয়ক।

এই অভিযানৰ অংশ হৈ আপুনিও নিজকে জলৰক্ষক হিচাপে পৰিচয় দিয়ক।

  • Share this:
ভাৰতত পানীৰ সমস্যাই এক গুৰুতৰ ৰূপ ধাৰণ কৰিছে। বিভিন্ন ৰাজ্যত এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে জনসাধাৰণে। আৰু ২০৩০ চনলৈ ভাৰতৰ প্ৰায় ৪০ শতাংশ লোক খোৱাপানীৰ সমস্যাত ভুগিব বুলি আশংকা কৰা হৈছে। সেয়েহে NEWS18 NETWORK–এ পানী সংৰক্ষণৰ উদ্দেশ্যে আৰম্ভ কৰিছে #MissionPaani অভিযান। আজি মুম্বাইত এই অভিযানৰ শুভাৰম্ভণি কৰা হ’ব।

মেগাষ্টাৰ অমিতাভ বচ্চনে শুভাৰম্ভ কৰিব Harpic-News18 #MissionPaani অভিযানৰ। উল্লেখযোগ্য যে অমিতাভ বচ্চন এই অভিযানৰ এম্বেছাডৰ। এই অভিযানৰ জৰিয়তে দেশজুৰি পানীৰ ব্যৱহাৰ, সংৰক্ষণক লৈ সজাগতা সৃষ্টিৰ প্ৰচেষ্টা চলোৱা হ’ব। সময় থাকোতেই আমি সজাগ নহ’লে ভৱিষ্যতে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব দেশ। সেয়েহে সকলোকে এই অভিযানৰ অংশ হ’বলৈ আহ্বান জনাইছে NEWS18–এ। এই অভিযানৰ অংশ হৈ আপুনিও নিজকে জলৰক্ষক হিচাপে পৰিচয় দিয়ক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading