• Home
  • »
  • News
  • »
  • nation
  • »
  • Hardik Patel : কংগ্ৰেছৰ পৰা পদত্যাগ হাৰ্দিক পেটেলৰ, গুজৰাট নিৰ্বাচনৰ পূৰ্বে দলত মোক্ষম আঘাত

Hardik Patel : কংগ্ৰেছৰ পৰা পদত্যাগ হাৰ্দিক পেটেলৰ, গুজৰাট নিৰ্বাচনৰ পূৰ্বে দলত মোক্ষম আঘাত

হাৰ্দিকে বিগত কিছুদিনৰ পৰা কংগ্ৰেছ নেতাসকলক লৈ ক্ষোভিত হৈ আছিল আৰু তেওঁ দল এৰিব বুলি ধাৰণা কৰা হৈছিল।

হাৰ্দিকে বিগত কিছুদিনৰ পৰা কংগ্ৰেছ নেতাসকলক লৈ ক্ষোভিত হৈ আছিল আৰু তেওঁ দল এৰিব বুলি ধাৰণা কৰা হৈছিল।

হাৰ্দিকে বিগত কিছুদিনৰ পৰা কংগ্ৰেছ নেতাসকলক লৈ ক্ষোভিত হৈ আছিল আৰু তেওঁ দল এৰিব বুলি ধাৰণা কৰা হৈছিল।

  • Share this:
অৱশেষত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে হাৰ্দিক পেটেলে। গুজৰাট বিধানসভা নিৰ্বাচনৰ পূৰ্বে এয়া কংগ্ৰেছৰ বাবে এক মোক্ষম আঘাত হিচাপে গণ্য কৰা হৈছে। কংগ্ৰেছৰ পৰা পদত্যাগ কৰি হাৰ্দিক পেটেলে কংগ্ৰেছ দলক চোকা সমালোচনা কৰে। হাৰ্দিকে বিগত কিছুদিনৰ পৰা কংগ্ৰেছ নেতাসকলক লৈ ক্ষোভিত হৈ আছিল আৰু তেওঁ দল এৰিব বুলি ধাৰণা কৰা হৈছিল।

কংগ্ৰেছ এৰি হাৰ্দিক পেটেলে টুইট কৰি লিখিছে, ‘আজি মই সাহস কৰি কংগ্ৰেছ দলৰ পদ আৰু দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছো, মোৰ বিশ্বাস যে মোৰ এই সিদ্ধান্তক প্ৰতিজন সতীৰ্থ আৰু গুজৰাটৰ জনতাই স্বাগতম জনাব। মই জানো যে মোৰ এই পদক্ষেপৰ পিছত ভৱিষ্যতে গুজৰাটৰ বাবে সঁচা অৰ্থত সাকাৰাত্মক ৰূপত কাম কৰিব পাৰিম।’

কংগ্ৰেছ দলৰ প্ৰতি হাৰ্দিকৰ অভিযোগ, ‘কংগ্ৰেছ দলে দেশ আৰু সমাজৰ হিতৰ বিপৰীতে কাম কৰি আছে। কংগ্ৰেছে বিৰোধিতাৰ ৰাজনীতি কৰে। কংগ্ৰেছে ৰাম মন্দিৰ নিৰ্মাণ, CAA-NRC, ধাৰা ৩৭০, জিছটি কাৰ্যকৰী কৰাত বাধা দিছিল। যেতিয়া দেশ সংকটত আছিল, তেতিয়া আমাৰ নেতা বিদেশত আছিল।’

উল্লেখযোগ্য যে হাৰ্দিক পেটেলক গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছিল। কিন্তু বিগত কিছুদিন ধৰি কংগ্ৰেছ নেতৃত্বক লৈ ক্ষুব্ধ হৈ আছিল হাৰ্দিক। কেইবাবাৰো নিজৰ ক্ষোভ মুকলিকৈ প্ৰকাশ কৰিছিল। তেওঁ ইমানলৈ কৈছিল যে কংগ্ৰেছত তেওঁৰ অৱস্থা নতুন কইনাৰ দৰে হৈছে। তেওঁ ক’ব বিচাৰিছিল যে তেওঁৰ হাতত কোনো সিদ্ধান্ত লোৱাৰ শক্তি নাই।
Published by:Sanjay Kumar Das
First published: