
Photo- News18
Congress নেতা চৰণজিৎ সিং চান্নীয়ে (Charanjit Singh Channi) পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বিপৰীতে সুখজিন্দৰ সিং ৰন্ধাৱা (Sukhjinder Randhawa) আৰু অ'পি চোনীয়ে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অনুষ্ঠানটোত কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi), পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজ্যোত সিং সিদ্ধু আৰু হৰিশ ৰাৱট উপস্থিত আছিল।
যোৱা ৩ মাহ ধৰি পঞ্জাৱৰ ৰাজনৈতিক অস্থিৰতাৰ সোমবাৰে প্ৰায় সমাপ্তি ঘটিছে। কংগ্ৰেছ নেতা চৰণজিৎ সিং চান্নীয়ে (Charanjit Singh Channi) মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বিপৰীতে সুখজিন্দৰ সিং ৰন্ধাৱা (Sukhjinder Randhawa) আৰু অ'পি চোনীয়ে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অনুষ্ঠানটোত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজ্যোত সিং সিদ্ধু আৰু হৰিশ ৰাৱট উপস্থিত আছিল। প্ৰাপ্ত তথ্য অনুসৰি, অনুষ্ঠানটোলৈ ৪০ জন লোকক আমন্ত্ৰণ জনোৱা হৈছিল। ৰাজভৱনত আয়োজিত এক অনুষ্ঠানত পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে মুখ্যমন্ত্ৰী চান্নীক শপত গ্ৰহণ কৰায়। চান্নী আৰু তেওঁৰ ডেপুটী দুয়োজনে পাঞ্জাৱীত শপত গ্ৰহণ কৰিছিল। চান্নী হৈছে ৰাজ্যখনত মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা প্ৰথমগৰাকী দলিত। শপত গ্ৰহণ কৰাৰ পিছত, ৰাহুল আৰু সিদ্ধুৱে চৰণজিৎ সিং চান্নীক পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন জনায়।
৫৮ বছৰীয়া চান্নীয়ে পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ মাত্ৰ আধা ঘণ্টা আগতে অ'পি চোনীৰ নাম আহিছিল। ইয়াৰ আগতে ব্ৰহ্ম মহিন্দ্ৰাই চান্নীৰ সৈতে শপত গ্ৰহণ কৰাৰ দাবী কৰা হৈছিল। কেপ্টেইন অমৰিন্দৰ সিঙে পদত্যাগ কৰাৰ পিছত শনিবাৰে কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠকত বিধায়কসকলে সৰ্বসন্মতিক্ৰমে ছোনিয়া গান্ধীক নতুন নেতা নিৰ্বাচিত কৰাৰ বাবে সকলো ক্ষমতা হস্তান্তৰ কৰিছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|