সমগ্ৰ দেশ স্বাধীনতাৰ ৰঙত ৰঙীণ হৈছে। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, 'হৰ ঘৰ তিৰংগা' অভিযান পালন কৰা হৈছে। সকলোৱে নিজৰ ধৰণে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিছে। বিশেষকৈ যুৱসকলৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে। এনে পৰিস্থিতিত, আমি আপোনাক দেশপ্ৰেমেৰে পৰিপূৰ্ণ এজন যুৱকৰ বিষয়ে জনাব বিচাৰো, যি আপোনাৰ উৎসাহ অধিক বৃদ্ধি কৰিব।
এই যুৱকজনৰ নাম সিদ্ধাৰ্থ দোশী। সিদ্ধাৰ্থ দোশী গুজৰাটৰ চুৰাটৰ বাসিন্দা। 'হৰ ঘৰ তিৰংগা' অভিযানত প্ৰভাৱিত হৈ সিদ্ধাৰ্থই তেওঁৰ গাড়ীখনত ২ লাখ টকা খৰচ কৰিছে। তেওঁ তেওঁৰ গাড়ীত দেশপ্ৰেমৰ এনে ৰং দিছে, যাক দেখাৰ পিছত সকলো আনন্দিত হৈ পৰিছে।
সিদ্ধাৰ্থই News18ক জনোৱা অনুসৰি, তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'হৰ ঘৰ তিৰংগা' অভিযানৰ দ্বাৰা প্ৰভাৱিত হৈছে। কেৱল এয়াই নহয়, তেওঁ নিজৰ গাড়ীত চুৰাটৰ পৰা দিল্লীলৈ যাত্ৰা কৰি এই অভিযানক অধিক লোকৰ ওচৰলৈ লৈ যোৱাৰ চেষ্টা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ হেঁপাহেৰে তেওঁ চুৰাটৰ পৰা দিল্লীলৈ নিজৰ গাড়ীৰে যাত্ৰা কৰিছে।
সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত সিদ্ধাৰ্থই কয়, "হৰ ঘৰ তিৰংগা' অভিযানৰ বিষয়ে জনগণক সজাগ কৰিবলৈ মোৰ গাড়ীৰে দুটা দিন যাত্ৰা কৰি চুৰাটৰ পৰা দিল্লী পাইছো। মই প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব বিচাৰো।"
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|