• Home
  • »
  • News
  • »
  • nation
  • »
  • Har Ghar Tiranga: যদি আপোনাৰ ঘৰত জাতীয় পতাকা উত্তোলন কৰিছে তেন্তে ডাউনলোড কৰক ইয়াৰ প্ৰমাণ পত্ৰ

Har Ghar Tiranga: যদি আপোনাৰ ঘৰত জাতীয় পতাকা উত্তোলন কৰিছে তেন্তে ডাউনলোড কৰক ইয়াৰ প্ৰমাণ পত্ৰ

ভাৰতত স্বাধীনতা দিৱস উপলক্ষে ‘হৰ ঘৰ তিৰঙ্গা’ অভিযান চলি আছে আৰু যদিহে আপুনি এই অভিযানত ভাগ লৈছে তেনেহ’লে আপুনি ইয়াৰ প্ৰমাণ পত্ৰ ডাউনলোড কৰিব পাৰিব।

ভাৰতত স্বাধীনতা দিৱস উপলক্ষে ‘হৰ ঘৰ তিৰঙ্গা’ অভিযান চলি আছে আৰু যদিহে আপুনি এই অভিযানত ভাগ লৈছে তেনেহ’লে আপুনি ইয়াৰ প্ৰমাণ পত্ৰ ডাউনলোড কৰিব পাৰিব।

ভাৰতত স্বাধীনতা দিৱস উপলক্ষে ‘হৰ ঘৰ তিৰঙ্গা’ অভিযান চলি আছে আৰু যদিহে আপুনি এই অভিযানত ভাগ লৈছে তেনেহ’লে আপুনি ইয়াৰ প্ৰমাণ পত্ৰ ডাউনলোড কৰিব পাৰিব।

  • Share this:
ভাৰতত স্বাধীনতা দিৱস উপলক্ষে ‘হৰ ঘৰ তিৰঙ্গা’ অভিযান চলি আছে আৰু যদিহে আপুনি এই অভিযানত ভাগ লৈছে তেনেহ’লে আপুনি ইয়াৰ প্ৰমাণ পত্ৰ ডাউনলোড কৰিব পাৰিব। এই অভিযানৰ অধীনত নাগৰিকসকলক স্বাধীনতা দিৱস পালন কৰিবলৈ নিজৰ ঘৰত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ প্ৰেৰণা দিয়া হৈছে। স্বাধীনতা দিৱস উপলক্ষে, ভাৰত চৰকাৰে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰিবলৈ ঘোষণা কৰিছে।

উল্লেখযোগ্য যে, ‘হৰ ঘৰ তিৰঙ্গা’অভিযান স্বাধীনতা দিৱসৰ এক অংশ। এই পদক্ষেপে সমগ্ৰ ভাৰতৰ লোকসকলক দেশৰ নাগৰিকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ উৎসাহিত কৰিব বুলি বিশ্বাস কৰা হৈছে। মনকৰিবলগীয়া যে, বিগত ২২ জুলাইত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযান আৰম্ভ কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ জনসাধাৰণক ১৩ ৰ পৰা ১৫ আগষ্টলৈ নিজ নিজ ঘৰত পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছিল। লগতে, তেখেতে দেশৰ জনসাধাৰণক ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ সামাজিক নেটৱৰ্কিং ছাইটত তেওঁলোকৰ প্ৰ'ফাইল ফটোৰ সলনি কৰিবলৈও পৰামৰ্শ দিছিল। তথ্য অনুসৰি, যিসকল ব্যক্তিয়ে এই অভিযানত অংশগ্ৰহণ কৰিছে তেওঁলোকে ইয়াৰ প্ৰমাণপত্ৰ ডাউনলোড কৰিব পাৰে।



হৰ ঘৰ তিৰঙ্গা অভিযান প্ৰমাণপত্ৰ কেনেদৰে ডাউনলোড কৰিব

প্ৰথমে, harghartirang.com অফিচিয়েল ৱেবছাইটলৈ যাব।

তাৰ পিছত ৱেবছাইটোৰ নিৰ্দিষ্ট/উপযুক্ত স্থানত আপোনাৰ নাম আৰু ম'বাইল নম্বৰৰ সৈতে এখন প্ৰ'ফাইল ফটো প্ৰদান কৰিব।

তাৰ পিছত আপোনাৰ গুগল একাউণ্টৰ জৰিয়তে লগইন কৰিব। এনে কৰিলে আপুনি ৱেবছাইটোৰ ভিতৰৰ ভাগত প্ৰৱেশ কৰিব পাৰিব।

তাৰ পিছত অফিচিয়েল ছাইটোত আপোনাৰ অৱস্থানৰ প্ৰৱেশাধিকাৰ দিব।

ইয়াৰ পিছত, ৱেবছাইটত প্ৰৱেশাধিকাৰ দিয়া আপোনাৰ অৱস্থানত জাতীয় পতাকাখন পিন কৰিব। অৱস্থানটো পিন কৰাৰ পিছত, আপুনি এটা প্ৰমাণপত্ৰ প্ৰাপ্ত কৰিব।

তাৰ পিছত প্ৰমাণপত্ৰটো ডাউনলোড কৰিবলৈ ক্লিক কৰিব আৰু আপোনাৰ প্ৰমাণপত্ৰ ডাউনলোড কৰা হ'ব।
Published by:Sanjay Kumar Das
First published: