Happy Birthday Ratan Tata: আজি ৰতন টাটাৰ জন্মদিন (Ratan Tata Birthday)। ৮৪ বছৰীয়া হ’ল ৰতন টাটা। ভাৰতীয় উদ্যোগপতিসকলৰ ভিতৰত ৰতন টাটা আটাইতকৈ প্ৰসিদ্ধ নামৰ ভিতৰত এটা। ৰতন টাটা এগৰাকী ভাৰতীয় উদ্যোগপতি, বিনিয়োগকাৰী, পৰোপকাৰী আৰু টাটা ছনছৰ প্ৰাক্তন অধ্যক্ষ। ৰতন টাটাক ২০০৮ বৰ্ষত পদ্মবিভূষণ আৰু ২০০০ চনত পদ্মভূষণ সন্মান প্ৰদান কৰা হয়।
ৰটন টাটাৰ জন্ম ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত ভাৰতৰ চুৰাটত হৈছিল। ৰতন টাটাৰ আৰম্ভণি শিক্ষা মুম্বাইৰ কেম্পিয়ান স্কুলত হৈছিল আৰু কেথেড্ৰলতে নিজৰ মাধ্যমিক শিক্ষা সম্পন্ন কৰে। ইয়াৰ পিছত তেওঁ ডন কেনন কলেজৰ পৰা বিএছচি ডিগ্ৰী কৰে। পিছত কৰ্নেল ইউনিভাৰ্ছিটীৰ পৰা ১৯৬২ চনত ইঞ্জিনিয়াৰিং আৰু ১৯৭৫ চনত হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা এডভাঞ্চ মেনেজমেণ্ট প্ৰগ্ৰাম কৰে।
সফলতা বহু কষ্ট, আত্মবিশ্বাসৰ ফলত পোৱা যায়। আজি ৰতন টাটাৰ জন্মদিনত আমি আপোনাক তেওঁ কোৱা কিছুমান এনেকুৱা কথা
(Motivational Quotes by Ratan Tata) জনাবলৈ লৈছো, যিবোৰ কথাই আপোনাৰ সফলতাৰ পথত অনুপ্ৰাণিত কৰিব।
– ‘মই সঠিক নিৰ্ণয় লোৱাত বিশ্বাস নকৰো। মই নিৰ্ণয় লওঁ আৰু তাক সঠিক কৰি তোলো।
– এনে বহু বস্তু আছে যিটো মই দুবাৰ জীয়াই থকাৰ সুবিধা পালে হয়তো পৃথক ধৰণে কৰিম। কিন্তু মই পিছলৈ ঘূৰি নাচাওঁ যে মই কি কৰিব নোৱাৰিলো।
– যি পাথৰ মানুহে তোমালৈ দলিয়াই, তাৰ ব্যৱহাৰ স্মাৰক বনোৱাত কৰা।
– যদি আপুনি সোনকালে যাব বিচাৰে তেন্তে অকলে যাওক, আৰু যদি বহুদূৰ যাব বিচাৰে তেন্তে আনৰ সৈতে একেলগে যাওক।
– যিয়ে আনক নকল কৰে, তেওঁ কিছু সময়ৰ বাবে সফল হ’ব পাৰে। কিন্তু জীৱনত বহুত আগলৈ যাব নোৱাৰে।
– লোহাক কোনোৱে নষ্ট কৰিব নোৱাৰে। তাৰ নিজৰে যুঁজত সি নষ্ট হয়। সেইদৰে, কোনো লোককে নষ্ট কৰিব নোৱাৰি, কিন্তু তেওঁৰ নিজৰ মানসিকতাই কৰিব পাৰে।
– জীৱনত আগবাঢ়িবলৈ উত্থান–পতন প্ৰয়োজন, কিয়নো ইচিজিতো এডাল চিধা ৰেখাৰ অৰ্থ হ’ল আপুনি জীয়াই থকা নাই।
ৰতন টাটা কেৱল উদ্যোগ জগতত নিজৰ সফলতাৰ বাবেই নহয়, নিজৰ ব্যক্তিত্বৰ বাবেও জনাজাত। তেওঁ ১৯৯১চনৰ পৰা ২০১২ চনলৈ টাটা গ্ৰুপৰ অধ্যক্ষ আছিল। তেওঁৰ নেতৃত্বত টাটা গ্ৰুপে ডাঙৰ সফলতা লাভ কৰিছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by: Sanjay Kumar Das
FIRST PUBLISHED : December 28, 2021, 12:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।