মৃত্যুৰ পিছতো নাথুলা সীমান্তত ‘কৰ্মৰত’ বাবা হৰভজন সিং!

Sanjay Kumar Das | News18-Assam
Updated:May 13, 2019, 6:25 PM IST
মৃত্যুৰ পিছতো নাথুলা সীমান্তত ‘কৰ্মৰত’ বাবা হৰভজন সিং!
এজন সৈনিক। সাধাৰণতেই দেশৰ সেৱাত নিজকে সমৰ্পণ কৰা সৈনিকসকলৰ প্ৰতি মোৰ দো খাই যায় দেশৰ প্ৰতিজন নাগৰিকৰ। কিন্তু আজি আমি এনেকুৱা এজন সৈনিকৰ কথা জনাব বিচাৰিছো যিগৰাকী সৈনিকৰ কথা জানিলে আচৰিত হ’ব আপুনি।

এজন সৈনিক। সাধাৰণতেই দেশৰ সেৱাত নিজকে সমৰ্পণ কৰা সৈনিকসকলৰ প্ৰতি মোৰ দো খাই যায় দেশৰ প্ৰতিজন নাগৰিকৰ। কিন্তু আজি আমি এনেকুৱা এজন সৈনিকৰ কথা জনাব বিচাৰিছো যিগৰাকী সৈনিকৰ কথা জানিলে আচৰিত হ’ব আপুনি।

  • Share this:
এজন সৈনিক। সাধাৰণতেই দেশৰ সেৱাত নিজকে সমৰ্পণ কৰা সৈনিকসকলৰ প্ৰতি মোৰ দো খাই যায় দেশৰ প্ৰতিজন নাগৰিকৰ। কিন্তু আজি আমি এনেকুৱা এজন সৈনিকৰ কথা জনাব বিচাৰিছো যিগৰাকী সৈনিকৰ কথা জানিলে আচৰিত হ’ব আপুনি। মৃত্যুৰ পিছতো এইগৰাকী সৈনিকে আজিপৰ্যন্ত ভাৰত–চীন সীমান্তৰ পূব ছিকিমৰ নাথুলা সীমান্তত নিজৰ কৰ্তব্য পালন কৰি আছে বুলি আছে জনবিশ্বাস। আজিও ভাৰতীয় সেনাৰ লগতে চীনা সেনাই পূজা কৰে এইগৰাকী সৈনিকক। নাথুলাত দুয়োখন দেশৰ মাজৰ অভিবাদন অনুষ্ঠানত চীনা সৈন্যই বাবা হৰভজন সিঙৰ বাবে আছুতীয়াকৈ ৰাখে এখন আসন।



১৯৪১ চনত পঞ্জাবত জন্ম হৈছিল কেপ্টেইন বাবা হৰভজন সিঙৰ। ২৭ বছৰ বয়সতে পূব ছিকিমৰ নাথুলাত মৃত্যু হৈছিল তেওঁৰ। কিন্তু আজিও তেওঁ নাথুলা সীমান্তত কৰ্তব্য পালন কৰি আছে বুলি এক বিশ্বাস আছে। মৃত্যুৰ পিছত ভাৰতীয় সেনাই ভগৱানৰ পৰ্যায়ত স্থান দিলে বাবা হৰভজন সিঙক।



আজি বাবা হৰভজন সিঙৰ ওপজা দিন। ওপজা দিনটোত সেনাই তেওঁৰ বিষয়ে উল্লেখ কৰা কেইটামান উল্লেখযোগ্য কথা :
(১) কোনো ধৰণৰ আসন্ন আক্ৰমণৰ বিষয়ে অন্ততঃ ৩ দিন পূৰ্বেই সৈনিকসকলক সকীয়াইছিল বাবাই। বৰ্তমানো তেওঁ চীন–ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ৰখীয়া হৈছে আছে বুলি এক বিশ্বাস আছে সেনাৰ মাজত।
(২) ভাৰত আৰু চীনৰ মাজত আনুষ্ঠানিক অভিবাদন অনুষ্ঠানত চীনা সৈন্যই বাবাৰ বাবে ৰাখে সুকীয়া আসন।

 


(৩) বাবাৰ মন্দিৰত আছে তিনিটা কোঠালি। বাবাৰ কাৰ্যালয়, ষ্ট’ৰ ৰুম আৰু থকা কোঠা। থকা কোঠাত তেওঁৰ সকলো সামগ্ৰী সযতনে ৰখা হৈছে। তেওঁৰ বিছনা, জোতা, চেণ্ডেল, পানীৰ বটল, লোহাৰ সাজ, এটা ছাতিৰ লগতে সকলো সামগ্ৰী পৰিপাতিকৈ ৰখা হৈছে কোঠালিত।
(৪) প্ৰতি পুৱা পৰিষ্কাৰ কৰা হয় বাবাৰ কোঠালি।


(৫) কেইবাদিনো পুৱা সৈনিকসকলে তেওঁৰ কোঠাত পৰিত্যক্ত বিছনা চাদৰ আৰু বোকা লাগি থকা জোতা পাইছিল।
(৬) বিভিন্ন সময়ত সৈনিকসকলে অনুভৱ কৰিছিল যে বাবাই এতিয়াও শিবিৰ আৰু তেওঁৰ চকী পৰিভ্ৰমণ কৰে।
(৭) বাবা হৰভজন সিঙে এতিয়াও লাভ কৰে সেনাৰ মেজৰৰ দৰমহা।
(৮) প্ৰতিবছৰে এতিয়াও দুমাহৰ ছুটী লাভ কৰে বাবাই।
(৯) প্ৰতিবছৰে ১১ ছেপ্টেম্বৰত তেওঁৰ সামগ্ৰীসমূহ গৃহ চহৰলৈ পঠিওৱা হয়। নিউ জলপাইগুৰি ষ্টেচনৰ পৰা শিলিগুৰি, পশ্চিম বংগ হৈ যোৱা ৰে’লত পঠিওৱা হয় বাবাৰ সামগ্ৰী।


(১০) গৃহ চহৰ অভিমুখী ৰে’লখনত তেওঁৰ বাবে এটা ছীট সংৰক্ষিত ৰখা হয় আৰু সম্পূৰ্ণ যাত্ৰাকালত খালী থাকে এই ছীটটো।
(১১) ৰে’ল যাত্ৰাত গৃহ চহৰলৈ তেওঁক সংগ দিয়ে সৈনিকৰ এটা দলে।
(১২) বাবাৰ ছুটী কালত অধিক সতৰ্ক অৱলম্বন কৰে সেনাই।

(Input : Prakash Adhikari)
আৰু চাওক
পৰৱৰ্তী বাতৰি