PM Modi Birthday Special : সুদৰ্শন পাটনায়কে পুৰীৰ সমুদ্ৰতীৰত বালিৰে প্ৰধানমন্ত্ৰী মোদীৰ শিল্প সৃষ্টি কৰিছে।
PM Modi Birthday Special : সুদৰ্শন পাটনায়কে পুৰীৰ সমুদ্ৰতীৰত বালিৰে প্ৰধানমন্ত্ৰী মোদীৰ শিল্প সৃষ্টি কৰিছে।
শুকুৰবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, সকলো কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰৰ লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক (Happy Birthday PM Narendra Modi) জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। দেশৰ সকলো প্ৰান্তৰ লোকেমোদীৰ জন্মদিনত নিজ নিজ ধৰণেৰে শুভেচ্ছা জনাইছে। বালি শিল্পী সুদৰ্শন পাটনায়কেও (Sudarshan Pattnaik) প্ৰধানমন্ত্ৰী মোদীক বিশেষভাৱে অভিনন্দন জনাইছে।
সুদৰ্শন পাটনায়কে ওড়িশাৰ পুৰীৰ সমুদ্ৰ তীৰত বালিৰে প্ৰধানমন্ত্ৰী মোদীৰ এক শিল্প সৃষ্টি কৰিছে। পাটনায়কে নিজৰ টুইটাৰ একাউণ্টত এটা অভিনন্দন বাৰ্তাৰ সৈতে ছবিখন শ্বেয়াৰ কৰিছে।
সুদৰ্শন পাটনায়কে লিখিছে, "মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, আপোনাক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। মহাপ্ৰভু জগন্নাথে আপোনাক ভাৰত মাতৃৰ সেৱা কৰিবলৈ এক দীঘলীয়া আৰু স্বাস্থ্যৱান জীৱন প্ৰদান কৰক।' বালিত সুদৰ্শন পাটনায়কে সৃষ্টি কৰা শিল্পকৰ্মটো অত্যন্ত আকৰ্ষণীয়। ছচিয়েল মিডিয়াত অনুৰাগীসকলে এই ছবিখন যথেষ্ট প্ৰশংসা কৰিছে।
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁৰ বাৰ্তাত কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আপোনালৈ জন্মদিনৰ শুভেচ্ছা। মই আপোনাৰ এক স্বাস্থ্যৱান আৰু দীৰ্ঘ জীৱন কামনা কৰিছোঁ আৰু আপোনাৰ 'অহৰ্নিশান সেৱামহে'ৰ সুপৰিচিত মনোভাৱৰ সৈতে দেশৰ সেৱা অব্যাহত ৰখাৰ কামনা কৰিছোঁ।"
প্ৰধানমন্ত্ৰীক শুভকামনা জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে নৰেন্দ্ৰ মোদী দেশখনে এক শক্তিশালী আৰু নিৰ্ণায়ক নেতৃত্ব লাভ কৰিছে যিয়ে কেৱল কেইবা দশক ধৰি নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ অহা লাখ লাখ দৰিদ্ৰ লোকক উন্নয়নৰ মূল সুঁতিৰ সৈতে সংযুক্ত কৰি সমাজত এক সন্মানীয় জীৱন প্ৰদান কৰাই নহয়, লগতে বিশ্বক দেখুৱাইছে যে কঠোৰ পৰিশ্ৰমৰ জৰিয়তেহে জনসাধাৰণৰ নেতৃত্ব কৰিব পাৰি।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|