কোৰোণাৰ মহাসংক্ৰমণত এতিয়া সমগ্ৰ বিশ্বই ত্ৰাহিমধুসূদন দেখিছে৷ সমগ্ৰ বিশ্বত লাখৰ ওপৰত মানৱে প্ৰাণ দিছে৷ কিমান আক্ৰান্ত হৈছে, তাৰ প্ৰকৃত হিচাপ নাই৷ ৰক্ষা পোৱা নাই ভাৰতো৷ যদিও ভাৰতে লোৱা মহা-সিদ্ধান্ত (লক ডাউন, যাক মহা-সিদ্ধান্ত বুলি কোৱা হৈছে) লৈছে, তথাপি কোৰোণাৰ মহাসংক্ৰমণ কমা নাই৷
অসমো ৰক্ষা পোৱা নাই৷ চুবুৰীয়া নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰা, মণিপুৰ, অৰুণাচলত চলিছে কোৰোণাৰ সংক্ৰমণ৷ ইয়াৰ মাজতে বুধবাৰে চলিল আন এক প্ৰাকৃতিক আক্ৰমণ৷ সমগ্ৰ অসম ধুই নিলে৷ প্ৰচণ্ড বতাহ-ধুমুহাই ধুই নিলে অসম৷ কোৰোণাৰ মহাসংক্ৰমণৰ মাজত প্ৰকৃতিৰ এই আক্ৰমণ৷ ভূতৰ ওপৰত যেন দানহৰ আক্ৰমণ৷
বাছি নগ'ল নগা ভূমি- নাগালেণ্ড৷ প্ৰচণ্ড বতাহ-ধুমুহাৰ লগতে শিলাবৰ্ষণে কোবাই গ'ল নাগালেণ্ডক৷ এই ফটোসমূহলৈ মন কৰক৷ এয়া বুধবাৰৰ আবেলিৰ ফটো৷ এয়া প্ৰচণ্ড বতাহ-ধুুমুহাৰ মাজতে চলিল শিলাবৃষ্টি৷ ফলত এই অৱস্থা৷ মৃত্যুৰ শয্যা৷ প্ৰকৃতিৰ শয্যা৷ পিছে শয্যাগত হ'ব কোন?
মৃত্যুৰ এই কোমল শয্যা প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত হ'ল৷ এই ফটোলৈ মন কৰক৷ আপুনি ইমান সময় ভাবি আছে চাগৈ যে এয়া আমাৰ মুলুকতো হয়৷ আমাৰ গাঁৱতো কেতিয়াবা হয়৷ পিছে, আপুনি ভৱাৰ দৰা বা আমি ভৱাৰ দৰে কথাবোৰ নহয়৷ চাওক এইখন ফ'টোলৈ৷
![]()
এয়া খনমা বস্তি৷ খনমা গাঁৱ৷ নাগালেণ্ডৰ খনমা বস্তি৷ জানেই চাগৈ, সেই খনমা বস্তি- যি খনমা বস্তিৰ পৰা আৰম্ভ হৈছিল নগা সশস্ত্ৰ বিদ্ৰোহ৷ য'ৰ পৰা ব্ৰিটিছক কঁপাইছিল নগাই, য'ৰ পৰা ভাৰতক হুংকাৰ দিয়া আৰম্ভ কৰিছিল নগাই৷
এয়াই খনমা বস্তি৷ নগা সশস্ত্ৰ বিদ্ৰোহী সংগ্ৰামৰ আৰম্ভণি কৰিছিল নগা বিপ্লৱৰ পিতামহ হিচাপে খ্যাত আংগামী জাপু ফিজুয়ে৷ যি খনমাত এটা সময়ত ব্ৰিটিছ আৰু পৰৱৰ্তী সময়ত ভাৰতীয় সেনাই বিদ্ৰোহ দমনৰ কালত তেজৰ নৈ বোৱাইছিল৷ এই খনমা বস্তিতে বুধবাৰে বৈ গ’ল বৰফৰ নৈ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|