ভাৰতীৰ পিছত এইবাৰ স্বামীকো গ্ৰেপ্তাৰ কৰিলে NCB–এ

News18 Assam | News18-Assam
Updated:November 22, 2020, 9:17 AM IST
ভাৰতীৰ পিছত এইবাৰ স্বামীকো গ্ৰেপ্তাৰ কৰিলে NCB–এ
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা বলীউদৰ এজনৰ পিছত আনজন তাৰকাৰ মাদক দ্ৰৱ্য সেৱৰ তথ্য পোহৰলৈ আহিছে।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা বলীউদৰ এজনৰ পিছত আনজন তাৰকাৰ মাদক দ্ৰৱ্য সেৱৰ তথ্য পোহৰলৈ আহিছে।

  • Share this:


শনিবাৰে মাদক দ্ৰব্য সেৱনৰ অভিযোগত গ্ৰেপ্তাৰ হয় জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং। দেওবাৰে পুৱা ভাৰতীৰ স্বামী হৰ্ষ লিম্বাচিয়াক গ্ৰেপ্তাৰ কৰে নাৰ্ক’টিক্ছ কন্ট্ৰ’ল ব্যূৰ’ই। ভাৰতীৰ স্বামী হৰ্ষ লিম্বাচিয়াৰ বিৰুদ্ধে নিষিদ্ধ ড্ৰাগছ সেৱনৰ অভিযোগ উঠিছিল। দীৰ্ঘ সময় জেৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হয়। ভাৰতীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল ৮৬.৫ গ্ৰাম গাঞ্জা। দুয়োজনেই গাঞ্জা সেৱন কৰে বুলি স্বীকাৰো কৰিছে।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা এনচিবিয়ে বলীউদৰ মাদক দ্ৰব্যৰ বিৰুদ্ধে চলাইছিল তীব্ৰ অভিযান। জেৰাৰ সন্মুখীন হৈছে বহু তাৰকা। এইবাৰ বিখ্যাত কমেডিয়ান ভাৰতী সিঙৰ মুম্বাইৰ ফ্লেটত তালাচী চলালে এনচিবিয়ে। সূত্ৰ অনুসৰি, ভাৰতী সিং আৰু স্বামী হৰ্ষ লিম্বাচিয়াৰ বিৰুদ্ধে নিষিদ্ধ মাদক দ্ৰব্য সেৱনৰ অভিযোগ উঠিছিল। তালাচীত ভাৰতীৰ ঘৰৰ পৰা গাঞ্জা উদ্ধাৰ কৰে এনচিবিয়ে। সোধা–পোছাৰ বাবে ভাৰতী আৰু স্বামীক এনচিবিৰ কাৰ্যালয়লৈ নিয়া হয়। তেতিয়াই ভাৰতী সিঙক গ্ৰেপ্তাৰ কৰে।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা বলীউদৰ এজনৰ পিছত আনজন তাৰকাৰ মাদক দ্ৰৱ্য সেৱৰ তথ্য পোহৰলৈ আহিছে। সেই যোগসূত্ৰৰ আঁত ধৰি তদন্ত আগুৱাই নিছে এনচিবিয়ে। এইবাৰ তালিকাত নতুন সংযোজন ভাৰতী সিং আৰু স্বামী হৰ্ষ লিম্বাচিয়া। কিছুদিন আগতে, বলীউদৰ অভিনেতা অৰ্জুন ৰামপাল আৰু তেওঁৰ প্ৰেমিকা গ্ৰেবিয়েলা ডেমেত্ৰিয়াদেছক সোধা–পোছা কৰিছিল এনচিবিয়ে। লগতে অভিনেতাজনৰ ঘৰতো চলাইছিল তালাচী। ইয়াৰ উপৰি বিখ্যাত প্ৰযোজক ফিৰোজ নাদিওৱালাৰ নামো সাঙোৰ খাইছে। তেওঁৰ পত্নী শাবানাক মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে এনচিবিয়ে। ইয়াৰ উপৰি কিছুদিন পূৰ্বে জেৰা কৰা হৈছিল দীপিকা পাডুকণ, শ্ৰদ্ধা কাপুৰ, ৰাকুল প্ৰীত সিং, ছাৰা আলী খানসহ বহুজনক। সেই সময়ত এনচিবিয়ে জনাইছিল যে আৰু বহুতৰ নাম আছে বলীউদৰ। তেওঁলোককো জেৰা কৰা হ’ব। এইবাৰ গ্ৰেপ্তাৰ হ’ল ভাৰতী।

Published by: Sanjay Kumar Das
First published: November 22, 2020, 9:17 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading